সংগ্ৰামৰ শেষত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

সংগ্ৰামৰ শেষত

 

সংগ্ৰামৰ শেষত


                             কুইন দেউৰী

           মাজৰ চাপৰি, নাৰায়ণপুৰ


ছোৱালী জীৱনটো ইমান সহজ নহয় 

যিমান আমি বাহিৰৰ পৰা ভাবোঁ,

বহুত কষ্ট আৰু যন্ত্ৰনাৰ মাজেৰেহে 

এজনী ছোৱালীয়ে নিজৰ পছন্দৰ 

কাম এটা কৰিবলৈ পায়।


মই ঠিক সেইজনী ছোৱালী, 

যিয়ে সহ্য কৰিছে বিয়াৰ পিছত 

পৰৰ ঘৰত পোৱা কটু কথা 

আৰু পিতৃ-মাতৃৰ ঘৰত অনুভৱ কৰা একাকীত্ব।

দুখৰ সেই সাগৰখন যেন বহুত 

গভীৰ আছিল।


কিন্তু সময় বাগৰিল,

আজি সেইজনী ছোৱালীয়েই

নিজৰ ভৰিত থিয় দিছে।

পিতৃ-মাতৃৰ মৰম আৰু আশীৰ্বাদেৰে 

আজি তাই স্বাৱলম্বী

আজি তাই জয়ী।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages