ফাগুন ভালপোৱা কনেংজনী
ভৈৰৱ কুলি
দহঘৰীয়া, বিহপুৰীয়া
শিমলু ফুলিলেই তাইৰ গাত
তত নাইকীয়া হৈ পৰে,
ডিক্ৰংৰ শুকান বালিচৰতে
তাইৰ ওমলা ঘৰ।
ফাগুনে আনে লৃগাং
পছোৱাৰ ছন্দত কপে
কনেংজনীৰ লাহী কঁকাল,
ৰঙা ৰঙা মদাৰৰ ফুলবোৰকে
আঙুলিত পিন্ধি
তাই গোপনে খেলি থাকে।
আবেলি বতাহজক জোৰকৈ বলিলে
তাই চুলিকোচা মেলি দিয়ে
নৈৰ পাৰৰ শিমলুৰ ফুলবোৰেও
তাইক প্ৰেমৰ ৰং ছটিয়াই।
গুমৰাগ তাইৰ অতি প্ৰিয়
অই নি:তমৰ সুৰ পালে
তাইক একোকেই নালাগে
বেলি ঘুৰিলেও তাই ঘৰলৈ নুঘুৰে
তাই বাত চাই ৰৈ
প্ৰেমিক অনুপললে।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment