ফাগুনৰ ৰং
ববী কলিতা
সুন্দৰীশাল, কামৰূপ
ফাগুনৰ বতাহে কপাই তোলে
আজি মোৰ মন আকাশ,
তুমি বিচৰা ৰক্তিম আভাৰে
বিচাৰোঁ কৰিব প্ৰেমৰ প্ৰকাশ।
সিঁচি দিম ৰঙা পলাশ তোমাৰ
উঠন বুকুৰ উঠা নমাত,
প্ৰতিটো উশাহতে কপিব পলাশ
তোমাৰ হৃদয় বীণাত।
পঠিয়াম এমুঠি মদাৰ
দীঘল কৰি লবা নখবোৰ,
ৰং সানি তুমি হবা
ভৰপুৰ ৰাণী সৌন্দৰ্যৰ।
এতিয়াও মনত আছে মোৰ
তোমাক প্ৰথম দেখা,
তোমাৰ সেওঁতাত বুলাই দিব
পৰা হ’লে শিমলুৰ ৰঙৰ ৰেখা!
তুমিও বিচৰা, ময়ো বিচাৰোঁ
ৰঙা ৰং যিটো দুয়োৰে প্ৰিয়,
আমাৰ মাজত আছে হৈ
সমাজৰ বেৰখন থিয়।
ফাকুৱাৰ ৰঙেৰে বসুমতী
হৈ পৰিব ৰঙীন,
ৰক্তিম হব আমাৰ প্ৰতিটো পল
তুমি মই হৈ ৰ’ম বিলীন।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment