মাটি-সপোন
গাৰ্গী ভূঞা
যোৰহাটঘৰৰ নিঃশব্দ কোণত এটি মাটিৰ কলহ !
বাহিৰে শীতল, স্থিৰ,
ভিতৰে ষড় ঋতুৰ গোন্ধ!
যি কথা ফাগুনৰঙী নহয়
সেই বীজ শাওনৰ দৰে চপচপীয়া
কি কথা জানো কঠীয়াৰ মাজত নীৰৱে অংকুৰিতহৈ মাটিতেই শেষ হোৱা!
ৰাতি হ’লে
কলহৰ বুকুত সাগৰৰ ঢৌ
প্ৰভাতে
মসৃণ, চকচকীয়া...!
চেঙা তেলৰ দুপৰত ময়ো নিজকে শুকুৱাও
ধৰি ৰাখিবলৈ মাটি-সপোন এটা!
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment