কৰ্ম-অকৰ্ম
ইলামণি শইকীয়া
এটা ‘ডেডবডি’ হৈ মই
পৰি আছোঁ মৃতশালাৰ মৰ্গত
হাত-ভৰি বন্ধা
কৰ্মফলৰ হিচাপ-জৰীৰে
নমৰাৰ আগতেও মই এটা ‘ডেডবডি’য়েই আছিলোঁ
জীৱ থকা, লৰচৰ কৰা
ফল আশা নকৰাকৈ অযুত অকৰ্ম কৰা
Doksiri দকচিৰি, মাৰ্চ, ২০২৬
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment