তই জানো বুজা নাই কাংকান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

তই জানো বুজা নাই কাংকান

 

তই জানো বুজা নাই কাংকান


                                                         সত্যজিৎ গগৈ 

                                                     কলিয়াবৰ, নগাঁও


ঐ কাংকান

তোৰ দুচকুৰ সজল চাৱনিত

মোৰ বুকুলৈ নামি আহে

ফাগুণৰ ঢল

তোৰ হাঁহিৰ পৰশত

উৰ্ব্বৰা হোৱা বুকুত

ফুলি উঠে 

মোৰ শিমলুফুলীয়া স্বপ্ন

তই জানো বুজা নাই?


তোক পোৱাৰ হেঁপাহতেই

মোৰ হাড়ে হিমজুৱে এতিয়া 

লৃগাং বিহুৰ উল্লাস

তোক মনৰ কথাবোৰ 

ক'ব বিচাৰো বাবেইটো

গুমৰাগৰ তালে তালে

মোৰ লুইতপৰীয়া হিয়াৰ

স্পন্দনৰ লয়লাস।


ঐ কাংকান

তোৰ পঃৰঃ আপং বুলীয়া

দুচকুৰ নিচাত ডুব দি

ঐনিঃতম এফাকি গোৱাৰ 

এয়া মোৰ দুৰ্বাৰ হাবিয়াস

তই জানো বুজা নাই?


এইবাৰ লৃগাঙত যাম দেই

আপঙৰ ৰাগীত মাতাল হ'বলৈ

তোৰ হাতৰ পৰশত প্ৰাণ পাই উঠিব

মোৰ ঐতিহাসিক বসন্তবোৰ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages