জীৱন
ত্ৰিৰঞ্জন টাইড
কেতিয়াবা জীৱনে বগাই ফুৰে
লঠঙা গছৰ ডালে পাতে
ভোক আৰু পিয়াহত
পলুৰ দৰে,
কেতিয়াবা আকৌ জীৱনে ঘূৰি ফুৰে ভিক্ষাৰ জোলোঙা লৈ
ভোক আৰু পিয়াহত
পৃথিবীৰ জুপুৰিয়ে জুপুৰিয়ে
অঘৰীৰ দৰে।
কেতিয়াবা আকৌ জীৱনে কপাই তোলে
সংসদে ভৱনে
সত্যৰ দাবানল হৈ
প্ৰ্তিবাদৰ হেংদাং হৈ
নতুন দিনৰ বেলিৰ মুখ বিচাৰি
নতুন দিনৰ বেলিৰ ৰং বিচাৰি।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:
Post a Comment