অনুভৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 31, 2026

অনুভৱ

 


অনুভৱ


                 বিজিত মহন্ত

                     যোৰহাট 


হাঁহি থকা জোনটিক

কলীয়া ডাৱৰে আহি

ধৰিলে হঠাতে হেঁচা মাৰি।

জেতুলী পকা ৰঙৰ দৰে 

আৱেগ বোৰ

হৃদয়ৰ কেনভাচত সৰি পৰে, 

শূন্যতাত যি অকল উশাহ 

বুকুৰ মাজত কোনোবা এজনী 

সাৱটি ধৰে মোৰ উশাহ, 

যেন এটি গছৰ পুলি,

কেৰুণে কিয়নো ধৰিলে তোৰ মূৰত।

মোৰ অনুভৱত কেৱল তোমাৰহে সোঁৱৰণি।

হৃদয়ৰ গোপন কোঠাত,

আজিও আছা তুমি 

অনুভৱৰ ঠিকনাত।


Doksiri দকচিৰি, জুন, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages