কথোপকথন
অনুৰাগ
বেনজিন চুলতানা
বাইহাটা চাৰিআলি, কামৰূপ
সি: ঐ চলি এনেকৈ আছা যে ! কি হ’ল?
তাই: অ’ বঙহৰদেউ, মোৰ ভৰি বিষাইছে আৰু পিঠিও বিষাইছে।
সি: তুমি বিহে-ধৰা চলি। যিটো দেখিছোঁ তোমাক তিনি দিন ভলিনিত ভিজাই থ'ব লাগিব।
তাই: কি? নালাগে যোৱা।
সি: একো নহয়, ভাল হৈ যাব তিনিদিনত।
তাই: তোমাকে ভিজাই থ'ম মই ভলিনিত।
সি: উম্ হ’ব দিয়া থ’বা। এনেও আমাৰ হৃদয়ৰ connection আছে । মোক থ'লে তোমাৰ বিষ ভাল হৈ যাব।
তাই: ই চলি, হৈছে যোৱা। আৰু শুনাচোন মই যে মূৰ ঘূৰাই পৰিছিলোঁ, মূৰত যে দুখ পাইছিলোঁ; এতিয়াও মূৰত অলপ ফুলি থকা যেন লাগে কিবা ।
সি: ও, সেইটো এনেকৈ ভাল নহয়। ধুমুচ মাৰিব লাগিব। মিস্ত্ৰীয়ে যে মাৰে তেনেকৈ।
তাই: ই, এক ঘোচা মাৰি নলাত দলিয়াই দিম চলি। ধুমুচ মাৰে সি।
সি: নাই দিয়া নামাৰোঁ দিয়া, ভাল হৈ যাব। চাওঁ ক’ত দুখ পাইছিলা ?
তাই: উম চোৱা।
সি: অহ্ অলপ তেনেকুৱা হৈ আছে। একো নাই ভাল হৈ যাব ।তাই: অ' বঙহৰদেউ, এটা কথা কওঁ। একেবাৰে মনৰ পৰা ।
সি: উম কোৱা।
তাই: মই তোমাৰ সৈতে নিজৰ happiest version টো বিচাৰি পাওঁ।
সি: আৰু তুমি happy হ’লে মই ও happy.
তাই: কেতিয়াবা মই ভাৱো তুমি ইমান শান্ত আৰু মই ইমান পেকপেকাই থাকোঁ।
সি: মই তোমাৰ পেকপেক শুনি ভাল পাওঁ।
তাই: ইচ্, হয়নে? সঁচাকৈ?
সি: উম্ সঁচাকৈ।
তাই: মাজে মাজে যে গালি দিয়া মোক।
সি: আ, কেতিয়া গালি দিলোঁ? আজিলৈকে যিমান গালি দিছোঁ, তাতকৈ বেছি মৰম কৰিছোঁ তোমাক।
তাই: উম্ হয় চাগে। হিচাপ কৰিব লাগিব।
সি: হ'ব দিয়া হিচাপ কৰিব নালাগে। তুমি জানাই মই কিমান ভাল পাওঁ তোমাক।
তাই: দেখাই দিয়াচোন কিমান।
সি: (বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মাজত সামান্য ফাঁক ৰাখি) ইমান।
তাই: অহ, ভাৱিছিলোয়ে মই, ইমান কমকৈ ভাল পোৱা বুলি।
সি: উম্, এইখিনি ভাল পাওঁতেই তোমাৰ ইমান উৎপাত আৰু বেছিকৈ ভাল পালে কিমান যে উৎপাত হ’ব..! একেবাৰে মূৰৰ ওপৰত উঠিবা।
তাই: কি....
সি: (হাঁহি মাৰি) হ’ব দিয়া খং কৰিব নালাগে। এনেও মূৰৰ ওপৰত উঠিছায়ে ।
তাই: উঠিমেই। অধিকাৰ আছে। বঙহৰদেউ হোৱা যে…
সি: হয় হয়। আ চলি, তুমি কিমান ভালপোৱা কোৱাচোন
তাই: (হাত দুখন বহলকৈ মেলি) ইমান ।
সি: ইমান ভাল পোৱা?
তাই: (ভেঙুচালি কৰি) অহ্ তুমি ভৱাতকৈও বহুত বেছি।
সি: উম জানো মই। কিন্তু মই তোমাতকৈ আৰু অলপমান বেছি ভাল পাওঁ। (আঙুলিৰে দেখুৱাই)
তাই: সঁচাই?
সি: উম্। বিশ্বাস আৰু চিৰদিনৰ বাবে হৃদয়ত স্থান দিয়াই মোৰ মনত ভালপোৱা।
তাই: আৰু মোৰ বাবে ভালপোৱাৰ সংজ্ঞাই তুমি।
(দুকাপ চাহ আৰু অনুৰাগেৰে ভৰা কথোপকথনেৰে মধুৰ হৈ পৰিল এটি সন্ধ্যা)
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment