নীলা খামৰ চিঠি
জুলী দত্ত
ডিব্ৰুগড়
প্ৰিয়জনলৈ
মৰমৰ
নিয়ৰ
শৰৎৰ তৰাফুলীয়া বিশাল আকাশৰ স্নিগ্ধ জোনাকে সিচি দিয়া নিস্বাৰ্থ পোহৰ বোৰৰ দৰেই বহুত মৰম দিলো তোমালৈ। হৃদয়ৰ এচুকত তোমালৈ সাঁচি থোৱা ভালপোৱা বোৰ সিচি দিলো চিঠিৰ মাজত, হয়তো তুমি শৰৎৰ সুবাস পাবা বিচাৰিলে, এই পত্ৰৰ যোগেদি।
শৰৎ আহিলে মোৰ মনৰ পদুলিত শৰৎৰ আগমনে বহু কথাই মনত পেলাই দিয়ে, এটি মিঠা আবেলিত। জোনাকৰ সৈতে ওমলিছিলো দুয়ো মিলি। শৰৎৰ শেৱালিয়ে পাৰি দিয়া শুভ্ৰ আঁচলৰ তলত লাজুকী জোনৰ আৰে আৰে শেৱালিৰ পাহিৰ মিঠা সুবাসত জোনীকবোৰ খেপিয়াই সাচিছিলো হিয়াৰ আঁচলত। তোমাৰ আৰু মোৰ মধুৰ ক্ষণৰ সাক্ষী আছিল এমুঠি প্ৰভাকীটৰ, নিজে জ্বলি যি আনক পোহৰাই তুলিছিল এটি মিঠা ক্ষণৰ।
জানা নিয়ৰ, শৰৎৰ আগমনে মোৰ সেই সোনালী দিনৰ মিঠা সন্ধ্যা টিয়ে স্মৃতি ৰ প্ৰেমৰ সফুৰা খিনি সজাই তুলিলে। তুমি যে মোক মৰম তে দিয়া নামটো এতিয়াও পাহৰা নাই জানা। শৰৎৰ কুঁৱলী নে,মেঘৰ মেঘালী নে, জোনাকৰ জোনালী, কি নামে শুৱাব বুলি প্ৰশ্ন কৰাত মই উত্তৰ দিলো শৰৎৰ ৰাত্ৰি, নিয়ৰৰ টোপাল বোৰে মোৰ হৃদয় তিয়াঁই প্ৰভাতী পুৱাৰ দুবৰী দলিচা বনত কুঁৱলীক দিয়ে শুৱাই।নিয়ৰৰ হিয়াঁজালি ফালি কুঁৱলী আহে ধৰালৈ নামি। গতিকে নিয়ৰ যত কুৱলী তত্। কুৱলী নামেৰেই মাতিবা শৰৎৰ মিঠা গধূলীত।
ভূল বুজাবুজিৰ বাবেই এই মধুৰ সম্পর্কটো নাম দিব নোৱাৰিলো, তথাপিও তুমি মোৰ হৃদয় বনত সেউজীয়া হৈ আছা প্ৰতিপল। চিৰস্মৰণীয়হৈ ৰ'ল শৰৎৰ মিঠা ক্ষণ।
আজিলৈ আহো, শৰৎৰ শেৱালি ফুলৰ সুবাসেৰে তোমাৰ জীৱনটো হৈ পৰক সুবাসিত। শৰৎৰ ৰুনজুন নিয়ৰৰ কণাৰ সোপানে সোপানে আগুৱাই যোৱা প্ৰতিপল। দুৰ্গা মাৰ আশীর্বাদত দিনবোৰ হৈ পৰক সুখৰ।
তাৰে কামনাৰে
ইতি,
তোমাৰ, কুঁৱলী।
জুলী দত্ত, ডিব্ৰুগড়
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment