জেঠ
মৰমী মৌ চাহু
গেলেকী, শিৱসাগৰ
প্ৰেম কি জেঠক সোধা
ব'হাগৰ স্পৰ্শত যি ফুলি আছে
কৃষ্ণচূড়া হৈ, ৰাধাচূড়া হৈ
সোণাৰু আৰু এজাৰ হৈ।
ব'হাগৰ বৰষুণে চপচপীয়া কৰা বুকু
আৰু প্ৰান্তত দুলি থকা কদম যেন সূৰুয
জেঠৰ জোলোঙাৰে সৰকিব নোৱাৰা
ৰূপোৱালী জোনাক
জেঠক সোধা জীৱনৰ জটিলতাত
প্ৰাণ সিঁচাৰ সৰল সংলাপ।
প্ৰেম কি জেঠক সোধা,
ব'হাগে সিঁচি দিয়া আবিৰ সানি
ভৰা নৈৰ পৰিত্যক্ত নাৱত বহি
কিদৰে সপোনৰ জাল পাতিব পাৰি
যমুনাৰ পানীত বুৰি অহা
ৰাধাৰ খোপাৰ কেতেকী
কিদৰে আঁজলী পাতি লোৱা হয়
অমিয়া স্বপ্নালোকত কটোৱা হয়
গধূলিগোপাল ফুলা শুকুলা ৰাতি।
কাৰণ জেঠ ব’হাগৰ আজন্ম প্ৰেয়সী।
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment