মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রা
দীপ্তি ঠাকুৰ গোস্বামী
(ষষ্ঠ খণ্ড)
মইনাহঁত, তোমালোকক মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ সৃষ্টিৰাজিক কিদৰে সজীৱ কৰি ৰখাৰ চিন্তা, মহান শিল্পী জুবিন গাৰ্গৰ সেই বিষয়ে তোমালোকক কিছু আভাষ দিবলৈ চেষ্টা কৰিছোঁ। যদিহে পণ্ডিত, বিদ্বান, জ্ঞানী লোকসকলে লিখা বহুমূলীয়া গ্ৰন্থবোৰ আমি আলমাৰী এটাত তলা মাৰি থৈ দিওঁ তাৰপৰা জ্ঞানৰ জেউতিৰে পোহৰাই নতুন প্ৰজন্মক জ্ঞান দিব নোৱাৰিম। ঠিক সেইদৰে মহাপুৰুষজনাৰ অমূল্য গ্রন্থ বা তেওঁৰ সৃষ্টি বৰগীত, নাট, ভাওনা এই অমূল্য ৰত্নবোৰৰপৰা আমাৰ একো উপকাৰ সাধন নহ'ব যদিহে তাৰ যি অমিয়া ঝংকাৰ বা তত্ত্বগধুৰ কথাবোৰ মানুহৰ মাজত প্ৰচাৰ কৰা নহয়। জুবিন গাৰ্গে মহাপুৰুষজনাৰ সৃষ্টিৰাজিক যথেষ্ট অধ্যয়ন কৰিছিল। শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ বৰগীতসমূহ অসমীয়া সাংস্কৃতিক জগতত এক অন্যতম অমূল্য সম্পদ। জনপ্রিয় শিল্পী জুবিন গাৰ্গে তেওঁৰ সুমধুৰ কণ্ঠেৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কেইবাটাও কালজয়ী বৰগীত অতি সুন্দৰভাৱে পৰিৱেশন কৰিছিল। এই গীতসমূহ মহাপুৰুষজনাৰদ্বাৰা আধ্যাত্মিক চিন্তা-চৰ্চা আৰু ভক্তিবাদ প্ৰচাৰৰ বাবে ৰচিত। জুবিন গাৰ্গে নিজৰ সুকীয়া সুৰ আৰু শৈলীৰে এই আধ্যাত্মিক গীতসমূহ নতুন প্রজন্মৰ মাজত অতি জনপ্রিয় কৰি তুলিছিল। তেওঁ মহাপুৰুষজনাৰ সৃষ্টিৰাজিক সুন্দৰ ৰূপত ধৰি ৰাখিবলৈ চেষ্টাৰ ত্রুটি কৰা নাছিল। মহাপুৰুষ শঙ্কৰদেৱৰ বৰগীত আৰু অংকীয়া নাট আপুৰুগীয়া অৱদান। মহাপুৰুষজনাই গীত-নাট পৰিৱেশন কৰিবৰ বাবে যথেষ্ট সংখ্যক বাদ্যযন্ত্র আৱিষ্কাৰ কৰি থৈ গৈছে। গীত পৰিৱেশন কৰোঁতে এইবোৰ ব্যৱহাৰ কৰিছিল। খোল, তাল, শঙ্খ, ডবা, কাঁহ, মৃদঙ্গ সৃষ্টি কৰি সাংস্কৃতিক ভঁৰাল চহকী কৰি থৈ গৈছে। মহান শিল্পী জুবিন গার্গেও যথেষ্ট বাদ্যযন্ত্র ব্যৱহাৰ কৰি তেওঁ ৰচনা কৰা বা পৰিৱেশন কৰা গীতসমূহ সুন্দৰ ৰূপত মনোগ্ৰাহী কৰি তুলিছিল। সেয়ে প্রতিটো গীতে আমাৰ হৃদয়ৰ নিভৃত কোণত এক আনন্দ, উল্লাস তোলে আৰু নৱ প্ৰজন্মই জ্ঞান আহৰণ কৰে। মহান শিল্পী জুবিন গার্গে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ ৰচনাসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল। বিশেষকৈ বৰগীতসমূহ আধ্যাত্মিক দৃষ্টিকোণৰপৰা অধ্যয়ন কৰি এই গীতসমূহৰ মূল ভাবধাৰা অখ্যাত ৰাখি তেওঁ পৰিৱেশন কৰিছিল। এই সুন্দৰ কামৰ বাবেই নৱ প্ৰজন্মই এই বৰগীতসমূহৰ মাজৰ তত্ত্বগধুৰ কথাবোৰ হৃদয়ংগম কৰিবলৈ সক্ষম হৈছিল। সেয়ে জুবিন গাৰ্গ সংগীত জগতৰ এজন মহান পণ্ডিত। জুবিন গার্গে এই অধ্যয়নৰদ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰ্শনক অনুভৱ কৰাৰ এক সুন্দৰ পথ বাচি লৈছিল। তেখেতে বৰগীতৰ মূল অর্থ সলনি কৰা নাছিল। মাথোঁ নিজৰ শৈলীৰে বৰগীতসমূহ উপস্থাপন কৰিছিল। শিল্পীজনাৰ কণ্ঠেৰে যেতিয়া এই বৰগীতসমূহ নিগৰি বৈ গৈছিল নতুন প্রজন্মই এই বৰগীতসমূহ আদৰেৰে গ্ৰহণ কৰিছিল। শিল্পী জুবিন গাৰ্গ মানৱতাবাদী দৰ্শনৰৰ প্ৰতি বিশেষ আকৰ্ষিত আছিল। আৰু নৱ প্ৰজন্মৰ কাৰণে সোণালী সাকোঁৰে মধুৰ সুৰৰ মাজেৰে এক জ্ঞানৰ পোহৰ বিচ্ছুৰিত কৰি দিছিল। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টিসমূহ সংগীতৰ মাজেৰে সজীৱ কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছিল। তেওঁ অধ্যয়ন কৰিছিল শঙ্কৰদেৱৰ বৈষ্ণৱ ধৰ্ম, সুন্দৰ সমাজ গঢ়াৰ চিন্তা, সুকুমাৰ কলা-সংস্কৃতিৰ মাজেৰে সাহিত্যৰ ক্ষেত্ৰলৈ যি অভূতপূর্ব অৱদান সেয়া তেওঁ অক্লান্ত কৰ্ম কৰি সংগীতৰ মাজেৰে জ্ঞানৰ পোহৰ বিলাই দিবলৈ চেষ্টা কৰিছিল। সেয়ে প্রতি ক্ষেত্ৰতে আমাৰ সমাজলৈ যি অৱদান আগবঢ়াই গৈছে এই মধুৰ কণ্ঠৰ গৰাকীক আমি ভগৱানৰ অংশ বুলি ভাবোঁ। মইনাহঁত, তোমালোকো সেন্দুৰীয়া পথৰ পথিক হ'বা। যদিহে এই সুন্দৰ সুন্দৰ আদৰ্শবোৰ হৃদয়ংগম কৰিব পাৰা। আমি আশাবাদী তোমালোক সোণালী পথৰ পথিক হ'বা।
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment