শূন্য সাম্ৰাজ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 31, 2026

শূন্য সাম্ৰাজ্য

 



শূন্য সাম্ৰাজ্য


কুণ্ডিল হাজৰিকা 

যোৰহাট, টীয়ক 


    হৰৰ আটাইতকৈ দামী চিকিৎসালয়ৰ কেবিনৰ বাহিৰত বহি আছিল দুজন বিপৰীত মেৰুৰ মানুহ। এজন বিশাল চাহ বাগিচাৰ মালিক মহিম চৌধুৰী আৰু আনজন চিকিৎসালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হৰেন।

    মহিম চৌধুৰীয়ে বিৰক্তিৰে ঘড়ীটোলৈ চালে। তেওঁৰ একমাত্ৰ ল’ৰাটোৰ অপাৰেচন চলি আছে। তেওঁ খঙত ফোঁপাই আছিল, “ইমান টকা খৰচ কৰিও যদি ল’ৰাটোৱে কষ্ট পাব লাগে, তেন্তে এইবোৰ ব্যৱস্থাৰ কি লাভ?”

   কাষতে বহি থকা হৰেনে অতি সাৱধানে ক’লে, “চৌধুৰী দেউতা, চিন্তা নকৰিব। ভগৱানে সকলো ঠিক কৰিব।”

   মহিম চৌধুৰীয়ে চেলাউৰি কোঁচালে। “ভগৱান? টকা থাকিলেহে ভগৱানেও কথা শুনে হৰেন। তুমি বুজি নাপাবা। তোমাৰ দৰে মানুহৰ হেৰুৱাবলৈ একো নাই, কিন্তু মোৰ এই সাম্ৰাজ্য চম্ভালিবলৈ উত্তৰাধিকাৰীৰ প্ৰয়োজন।”

   হৰেনে একো নামাতিলে। তাৰো সৰু ল’ৰাটো জ্বৰত ভুগি জেনেৰেল ৱাৰ্ডত পৰি আছিল। সি তাৰ পকেটৰ পৰা এটা দহটকীয়া নোট উলিয়াই হাতৰ মুঠিত টানকৈ ধৰি আছিল সেইটোৱেই তাৰ শেষ সম্বল।

   কিছু সময় পাছত এজনী নাৰ্ছ দৌৰি আহিল। মহিম চৌধুৰীৰ ল’ৰাটোক জৰুৰীকালিন ভাৱে বি-পজিটিভ তেজৰ প্ৰয়োজন। চিকিৎসালয়ৰ ব্লাড বেংকত সেই মুহূৰ্তত তেজ মজুত নাছিল।

   মহিম চৌধুৰী চিঞৰি উঠিল, “মই এক লাখ টকা দিম! যিকোনো মূল্যত তেজৰ যোগাৰ কৰক।”


কিন্তু টকাই সেই মুহূৰ্তত তেজ বিচাৰি উলিয়াব নোৱাৰিলে। হৰেনে নিঃশব্দে থিয় হ’ল। “মোৰ তেজ বি-পজিটিভ। মই দিম।”

   অপাৰেচনৰ পাছত ল’ৰাটো সুস্থ হ’ল। মহিম চৌধুৰীয়ে কুণ্ঠাবোধ কৰি হৰেনৰ ফালে এটা শকত টকাৰ খাম আগবঢ়াই দিলে। হৰেনে হাতযোৰ কৰি ক’লে, “বেয়া নাপাব দেউতা, আপুনি কৈছিল তো আমাৰ একো নাই বুলি। তেজখিনিয়েই আছিল, সেইখিনিও যদি বিক্ৰী কৰোঁ তেন্তে মানুহ হিচাপে মোৰ অস্তিত্ব ক’ত থাকিব?”

   মহিম চৌধুৰী থৰ লাগি ৰ’ল। যিজনৰ হাতত একো নাই বুলি তেওঁ ঠাট্টা কৰিছিল, আজি সেইজনৰ আত্মসন্মানৰ আগত তেওঁৰ কোটিটকীয়া সাম্ৰাজ্যখন তেনেই বাওনা যেন লাগিল। তেওঁ বুজি পালে চহকী হোৱা আৰু মানুহ হোৱাৰ মাজত এক বিৰাট ব্যৱধান আছে।


Doksiri দকচিৰি, জুন, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages