হস্পিটেলট এখন্তেক
আব্দুৰ ৰহমান প্ৰামাণিক
কুৰ্শাকাটি, কোকৰাঝাৰ
হস্পিটেল এটাৰ কোণত বহি হিয়া ঢাকুৰি বিলাপ কৰিছে
ষাঠি ঊৰ্ধৰ শোঁতোৰা আইতা
ভোকাতুৰ মলিন চেহেৰা
বহু কথাই কব খোজে
মুখেৰে মাত নোলায়
আগবাঢ়ি আহিলো
হাতত মাত্ৰ 10 টকা ফটা নোট
দৰৱৰ দীঘল লিষ্ট
আৰু এটা মোবাইল নম্বৰ
আৰু একো নাই।
সুধিলো এনে অৱস্থাৰ কথা
থোকা থুকি মাতেৰে কলে বিৱৰি
দিলে মোবাইল নম্বৰ ফোন কৰিবলৈ
ৰিচিভদ হল
আই বুলি পৰিচয় দিবলৈ লাজ পালে
শিক্ষিত সন্তানৰ পৰিচয় দিলে
কাটি দিলে ফোন
উপায়ন্তৰ হৈ চৰকাৰী হস্পিটেলত ভৰ্তি কৰোৱা হল
মানৱীয় প্ৰমূল্যৰ সংস্থা আগবাঢ়ি আহিল
মনত শান্তি পালো
মনে মনে ভাবিলো
মোৰ কোনো সন্তান নাই
ঈশ্বৰৰ পৰিকল্পনা নিখুঁত।
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment