আত্মবিশ্লেষণ
ৰিজু মণি বৰা
নগাঁও
ৰ’দৰ উমত তিতি
এন্ধাৰৰ সৈতে বহি আছিলোঁ—
নাম নথকা এক অনুভৱৰ দাঁতত
সময়বোৰ ক্ৰমে গুড়ি হৈ গৈছিল।
মাটিয়ে আঙুলিবোৰ চিনি পাইছিল যদিওঁ
চিনি পোৱা নাছিলোঁ মই নিজকে
বতাহৰ বুকুত কাণখন থৈ শুনিছিলোঁ
এটা নীৰৱ ভাঙোনৰ শব্দ
চৌদিশে ধুমুহা নাছিল
নাছিল বৰষুণ,
তথাপিও
উভাল খাই পৰিছিল
ন-কৈ গজি অহা গছজোপা।
ৰ’দ আছিল নে নাই
এতিয়া মনত নাই—
কাৰণ পোহৰবোৰে বহু আগতেই
নিজৰ ছাঁটোকে চেলেকি খাইছিল
মই নিজৰ বিপক্ষে থিয় হৈছো
নে সপক্ষে
তাকো অনুধাৱন কৰিব পৰা নাই,
চকুত চকু থৈ
আইনাৰ সন্মুখত
নিজকে সুধিছো
“কেনে আছোঁ মই
কি কৰি আছোঁ মই?”
প্ৰশ্নটো এতিয়া
এখন পৰিত্যক্ত দুৱাৰৰ দৰে—
খুলিলেও কোনো প্ৰৱেশ নকৰে
বন্ধ কৰি থ'লেও
ধুমুহা নহাকৈ নাথাকে।
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment