নীলা খামৰ চিঠি
ৰশ্মি ৰেখা দলে পাতিৰ
হিয়াৰ অভিজিৎ,
লিখনিৰ পাতনিতে মোৰ হিয়া ভৰা মৰম ও শুভকামনা যাচিলো, গ্ৰহণ কৰিবা। আশা কৰোঁ ভগবানৰ কৃপাত তুমি আৰু তোমাৰ মা-দেউতাহত কুশলে আছে, নেদেখাজনৰ আশীৰ্বাদ আমিও ভালে আছোঁ।
বিশেষ পত্ৰ লিখাৰ কাৰণ হ’ল, বহু দিনৰ পৰা তোমালৈ সাঁচি ৰখা মৰম ভালপোৱা বোৰ নীলা খামৰ চিঠিৰ জৰিয়তে প্ৰেৰণ কৰিলোঁ আদৰেৰে গ্ৰহণ কৰিবা। অনেক মাহ হ’ল তোমাৰ হাতৰ পৰশত জিলিকি উঠা প্ৰেমৰ চিঠি নোপোৱা, সময়ৰ সোঁত ত পৰি তুমি চাগৈ মোক পাহৰিব ধৰিছা। তোমাৰ বুকুৰ তেজেৰে লিখা নীলা খামৰ চিঠিখন পাম বুলি নঙলা মুখলৈ কিমান আগ্ৰহেৰে বাট চাই থাকোঁ, কিন্তু ডাকোৱালৰ চাইকেলৰ টিলিঙা দেখোন নাই। জানা অভি, পৃথিৱীৰ সমস্ত অভিমান মোৰ হৃদয়ত গোট মাৰিছে, তুমি কাষত থকা হলে মোৰ অভিমানৰ পুখুৰী সিচি সিচি ভাগৰি গলাহেতেন। প্ৰকৃত প্ৰেমত অভিমান বেছি নহয় নে বাৰু? অভি, তুমি ইমান পৰিবৰ্তন কিয়? যুগৰ পৰিবৰ্তনে তোমাৰ হিয়াৰ নিভৃত কোণক চুই গৈছে নেকি? নিশ্চয়। কিন্তু অভি তোমাৰ বাবে মোৰ হৃদয় দুৱাৰ প্ৰতিটো পল অনুপল খোলা, তোমাৰ বাবে মোৰ মনৰ বিছনা বহলকৈ পাৰি থৈছোঁ, তুমি যেতিয়াই মন যায় আহিব পৰাকৈ।তোমাৰ সতে প্ৰথম চিনাকীতে মোৰ কুমলীয়া হিয়াত প্ৰকৃত প্ৰেমৰ গছ ৰোপণ কৰিছিলোঁ; সাৰ-পানী দুয়ো মিলি দিছিলোঁ, লহ লহ কৈ বাঢ়িছিল কিন্ত আৱতৰীয়া এ জাক ধুমুহা বৰষুণে ভাঙিব খুজিছে আমাৰ বিশ্বাসৰ বৃক্ষজোপা! অভি, প্ৰকৃত প্ৰেমে জানো ধনী-দুখীয়া বিচাৰে; জাত-পাত বিচাৰে, বিচাৰে মাথোঁ হিয়াৰ সলনি এখনি বিশ্বাস আৰু আস্থাৰ হিয়া।
অভিজিৎ, শুনিছিলোঁ তুমি বোলে Android phone লৈছা, মোবাইলত চিনাকি কৰা ছোৱালী এজনীৰ সৈতে ভাল পোৱাৰ খা -খবৰ দিয়া দিহি কৰিছা বুলি; কিন্তু তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে,তুমি মোক কথা দি অন্য ছোৱালীৰ সতে প্ৰেমৰ সম্পৰ্ক গঢ়িব নোৱাৰা। অৱশ্যে মানুহ পৰিস্থিতিৰ দাস। বৰ্তমান কomputar, Internet ৰ যুগ, সহজে পোৱা আৰু সময়ৰ মূল্যৰ গুৰুত্ব বেছি।অভি,তোমাক এটাই অনুৰোধ, অনুগ্ৰহ কৰি তুমি মোলৈ এখন নীলা খামৰ চিঠি লিখিবা চোন;তোমাৰ হাতৰ আখৰৰ সুন্দৰতা; শব্দ প্ৰয়োগৰ লালিত্য, বাক্য গাঁথনিৰ মৃস নতত ময়ো উত্তৰ লিখিবলৈ যত্ন লৈছিলোঁ । উজা গৰ ৰাতিত চন্দ্ৰ কান্ত অভিধান, আধুনিক অসমীয়া অভিধান বাৰে বাৰে অধ্যয়ন কৰিছিলোঁ; হাতৰ আখৰৰ সুন্দৰ কৰিবলৈ যত্ন কৰিছিলোঁ, বাক্য গাঁথনি নিখুট হবলৈ অসমীয়া ব্যাক ৰন অধ্যয়ন কৰিছিলোঁ। কিন্তু অভি, তুমি এতিয়া কি কৰিব বিচাৰিছা? অ’ এটা কথা মই পাহৰি গৈছিলোঁ,তুমি পঢ়া-শুনা কৰিছা নে? তোমাৰ ওপৰত পৰি আছে ভৱিষ্যত; মা-দেউতাৰ সপোন তুমি। প্ৰেমত হাবডুবু খাই বিপদে পৰিচালনা হোৱাৰ উদাৰণো বহুত আছে। অভি, তোমাক প্ৰাণ ভৰি ভাল পাওঁ বাবে তোমাৰ ভাল হোৱাটো কামনা কৰোঁ। শেষত তোমাৰ হাতৰ পৰশত জীপাল হোৱা এখন নীলা খামৰ চিঠি পাম বুলি অধীৰ আগ্ৰহেৰে বাট চাই ৰলোঁ।
প্ৰান্তত
তোমাৰ —
কুকি
Doksiri দকচিৰি, জুন, ২০২৬

No comments:
Post a Comment