সৃজনশীল মনৰ বাবে কেৰিয়াৰ সম্ভাৱনা
ড° বুলজিৎ বুঢ়াগোহাঁই
আজিৰ দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীখনত সৃষ্টিশীলতা কেৱল ব্যক্তিগত গুণ নহয়, ই এক শক্তিশালী আৰ্থিক সম্পদ আৰু জীৱনৰ এক পথ প্ৰদৰ্শক শক্তি। যিসকল শিক্ষাৰ্থীয়ে বেলেগ ধৰণে চিন্তা কৰে, নতুন ধাৰণা কল্পনা কৰে আৰু নিজৰ অনুভৱ বা চিন্তাক অনন্য ধৰণে প্ৰকাশ কৰে, তেওঁলোকৰ বাবে আজিৰ যুগত সুযোগৰ দুৱাৰ বহুত বেছি মুকলি। ডিজিটেল বিপ্লৱৰ ফলস্বৰূপে “চখ” বুলি ধৰা বহুতো কাম এতিয়া এক লাভজনক পেচালৈ পৰিণত হৈছে।
সৃষ্টিশীলতা কেৱল শিল্প, সংগীত বা সাহিত্যৰ মাজতে সীমাবদ্ধ নহয় । ই হৈছে সমস্যা সমাধানৰ নতুন উপায় বিচাৰি উলিওৱা, নতুন ধাৰণা সৃষ্টি কৰা আৰু একেবোৰ কথাকে নতুন দৃষ্টিকোণৰ পৰা চোৱাৰ ক্ষমতা। এজন সৃষ্টিশীল ব্যক্তিয়ে এনে সুযোগ বিচাৰে য’ত আনে সমস্যা দেখা পায়। কিন্তু সৃষ্টিশীলতা মাত্ৰ আৰম্ভণিহে; ইয়াক বাস্তৱত পৰিণত কৰিবলৈ নিয়মীয়া অনুশীলন, দক্ষতা বিকাশ, ধৈৰ্য্য আৰু অনুশাসনৰ লগতে সঠিক দিশত আগবাঢ়িব লাগিব।
সৃষ্টিশীলতাক আয়লৈ ৰূপান্তৰ কৰা বহুতো পথ আছে আৰু এইবোৰে ব্যক্তিৰ আগ্ৰহ, দক্ষতা আৰু উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন দিশত বিকাশ লাভ কৰে। বৰ্তমানৰ ডিজিটেল আৰু উদ্যোগমুখী যুগত সৃজনশীল মনবোৰে বিভিন্ন মাধ্যম আৰু প্লেটফৰ্ম ব্যৱহাৰ কৰি সহজে নিজৰ প্ৰতিভাক আয়ৰ উৎসত পৰিণত কৰিব পাৰে। তলত কিছুমান উল্লেখযোগ্য পথৰ বিষয়ে আলোচনা কৰা হৈছে।
বিষয়বস্তু সৃষ্টিঃ ডিজিটেল যুগৰ আটাইতকৈ শক্তিশালী মাধ্যম — ইউটিউব, ইনষ্টাগ্ৰাম আদিৰ দৰে প্লেটফৰ্মে যিকোনো ব্যক্তিৰ বাবে নিজৰ প্ৰতিভাক বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ অপৰিসীম সুযোগ প্ৰদান কৰিছে। শিক্ষামূলক ভিডিঅ’, কাহিনী কোৱা, ব্লগিং, ৰিল বা ভিলগৰ জৰিয়তে সহজেই দৰ্শক গঢ়ি তুলিব পাৰি। আৰম্ভণিতে হয়তো কোনো আয় নাথাকিবও পাৰে, কিন্তু সময়ৰ লগে লগে বিজ্ঞাপন, ব্ৰেণ্ড সহযোগিতা আৰু পৃষ্ঠপোষকতাৰ জৰিয়তে লাহে লাহে এটা বহনক্ষম আয়ৰ ধাৰা মুকলি হয়।
লিখাঃ লিখিবলৈ ভাল পোৱা শিক্ষাৰ্থীসকলৰ বাবে এই ক্ষেত্ৰখন অসীম সম্ভাৱনাৰে ভৰি আছে। ব্লগ লিখা, প্ৰবন্ধ, গল্প বা চিত্ৰনাট্য সৃষ্টি কৰা— এইবোৰে কেৱল নিজৰ চিন্তা-ভাবনা প্ৰকাশ কৰাৰ সুযোগেই নিদিয়ে, বৰঞ্চ লাহে লাহে এটা ব্যক্তিগত ব্ৰেণ্ডো গঢ়ি তোলে। মিডিয়াম (Medium), ছাবষ্টেক (Substack) আদিৰ দৰে প্লেটফৰ্মত প্ৰকাশ কৰিলে বিশ্বৰ পাঠকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰি, ফ্ৰীলান্স লেখাৰ কাম পোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু ভৱিষ্যতে স্ব-প্ৰকাশনৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰি।
ডিজাইন আৰু ভিজুৱেল আৰ্টঃ ভিজুৱেল কন্টেন্টৰ চাহিদা বৰ্তমান বেছি, আৰু সৃষ্টিশীল মনবোৰে সহজেই উপাৰ্জনৰ উপায় বিচাৰি পাব পাৰে যদিহে তেওঁলোকৰ গ্রাফিক ডিজাইন, ফেশ্বন ডিজাইন, ইণ্টেৰিয়ৰ ডিজাইন, এনিমেচন, আৰু ডিজিটেল আৰ্টৰ দৰে ক্ষেত্ৰত দক্ষতা থাকে। ফাইভাৰ (Fiverr), আপৱৰ্ক (Upwork) আদি দৰে প্লেটফৰ্মত কাম আৰম্ভ কৰিব পাৰে আৰু বিশ্বজুৰি নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰে। এটা শক্তিশালী পোৰ্টফ’লিঅ’ থাকিলে আন্তৰ্জাতিক ক্লায়েণ্ট লাভ কৰাৰ সুযোগ বৃদ্ধি পায়, নিজস্ব ডিজিটেল প্ৰডাক্ট বিক্ৰী কৰিব পৰা যায় আৰু ধীৰে ধীৰে এটা সফল ফ্ৰীলান্স কেৰিয়াৰো গঢ়ি তোলা সম্ভাৱনাও বৃদ্ধি কৰে।
সংগীত, নৃত্য আৰু অভিনয়ঃ সংগীত, নৃত্য বা অভিনয় কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়; ই এক সম্ভাৱনাময় পেচা হিচাপেও গঢ় লৈছে। ডিজিটেল যুগত প্ৰতিভা আৰু দক্ষতা এতিয়া কোনো নিৰ্দিষ্ট মঞ্চত সীমাবদ্ধ হৈ থকা নাই। ইউটিউব (YouTube), ইনষ্টাগ্ৰাম (Instagram) আদি দৰে প্লেটফৰ্মত ভিডিঅ’ আপলোড কৰা, লাইভ প্ৰদৰ্শন কৰা বা অনলাইন ক্লাছ লোৱাৰ জৰিয়তে সহজেই নিজৰ প্ৰতিভা বিশ্বজুৰি প্ৰদৰ্শন কৰিব পাৰি, আৰু তাৰ লগে লগে আয়ৰ নতুন নতুন পথ মুকলি হৈছে ।
ফটোগ্ৰাফী আৰু ভিডিঅ’গ্ৰাফীঃ স্মাৰ্টফোনৰ যুগত ফটোগ্ৰাফী আৰু ভিডিঅ’গ্ৰাফীৰ কাম আৰম্ভ কৰাটো এতিয়া আগৰ তুলনাত বহুত সহজ হৈ পৰিছে। যদি শিক্ষাৰ্থীসকলৰ তীক্ষ্ণ দৃষ্টি আৰু কাহিনী কোৱাৰ দক্ষতা থাকে তেন্তে এই ক্ষেত্ৰখনে আয়ৰ বহু সুযোগ সৃষ্টি কৰিব পাৰে। ইভেন্ট কভাৰ কৰি, ষ্টক ফটো বিক্ৰী কৰি বা ইউটিউব, ইনষ্টাগ্ৰাম আদিৰ বাবে সৃষ্টিশীল কন্টেন্ট তৈয়াৰ কৰি লাহে লাহে এটা স্থায়ী উপাৰ্জনৰ পথ গঢ়ি তোলা সম্ভৱ।
ডিজিটেল দক্ষতাঃ ডিজিটেল মাৰ্কেটিং, ভিডিঅ’ সম্পাদনা আৰু ছ’চিয়েল মিডিয়া মেনেজমেণ্ট আদি ক্ষেত্ৰত সৃষ্টিশীলতা আৰু প্ৰযুক্তিৰ মাজত এক শক্তিশালী সংযোগ আছে। আজিৰ যুগত প্ৰায় প্ৰতিটো ব্যৱসায়েই অনলাইন উপস্থিতি নিশ্চিত কৰিব বিচাৰে, গতিকে এই ক্ষেত্ৰসমূহত দক্ষ লোকৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই পৰিস্থিতিত কন্টেন্ট মেনেজাৰ, ডিজিটেল মাৰ্কেটাৰ বা ছ’চিয়েল মিডিয়া বিশেষজ্ঞ হিচাপে কেৰিয়াৰৰ বহু সম্ভাৱনা আছে, য’ত সৃষ্টিশীল চিন্তা আৰু প্ৰযুক্তিগত দক্ষতাৰ সংমিশ্ৰণে সফলতাৰ দুৱাৰ মুকলি কৰে।
সৃষ্টিশীলতা এতিয়া কেৱল এটা প্ৰতিভা নহয়, ই এক শক্তিশালী কেৰিয়াৰ গঢ়ি তোলাৰ আহিলা। সঠিক পথ প্ৰদৰ্শন, নিয়মীয়া অনুশীলন আৰু ধৈৰ্য্যৰ দ্বাৰা সৃষ্টিশীল মনবোৰে নিশ্চিতভাৱে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিব পাৰে।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বিঃদ্রঃ কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৩০) ত যোগাযোগ কৰিব পাৰে।

No comments:
Post a Comment