নীলা খামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 31, 2026

নীলা খামৰ চিঠি

 

নীলা খামৰ চিঠি


জিতামণি গোস্বামী

চামগুৰি, নগাওঁ


পূজনীয়া মা,

    সেৱা লবি। বহুদিন হ’ল তোৰ খবৰ খাতি নাই। তই বাৰু কুশলে আছনে ? তোৰ আমালৈ মনত পৰাই নাই নে ? মোৰ কিন্তু এই কেইদিন তোলৈ খুউব মনত পৰিছে। মাঘ বিহু আহিছে যে।কি যে উখল-মাখলৰ দিন আছিল সেইদিনবোৰ।তই যে ইমান বিধে বিধে পিঠা ভাজিছিলি।বৰা চাউলৰ পিঠা থবৰ কাৰণে যে তই আগতিয়াকৈ দোকানৰ পৰা কাৰ্টুন আনি ৰাখিছিলি। চব মনত পৰিছে মোৰ। তই আমাক এৰি যোৱাৰ দিনধৰি সেই তিলপিঠা খাবলৈ নোপোৱা হ’লো জান। মই নিজে ভালকৈ বনাবলৈ নিশিকিলোৱে আৰু আনে বনোৱা পিঠাৰ টেষ্ট তোৰ হাতৰ কেইটাৰ দৰে নহয় অ’। তই যে বিহু আহিলেই বহুতকে পিঠা বনাই দিব লগা হৈছিল। ভতিজাহতে যে ডাঙৰৰ ডাঙৰ পিঠাটো খাবলৈ বিচাৰিছিল তোৰ মনত পৰেনে?ঘৰতটো বিহুত আখল ভৰাই চিৰাই-পিঠাই গোটাইছিলি আমি উদৰ পুৱাই খাইছিলোঁ। উৰুকাৰ দিনা গোটেই ৰাতি বহি পিঠা ভাজিছিলি আৰু মই টোপনিয়াই টোপনিয়াই যিমান দেৰিলৈকে পাৰো তোক ৰখি আছিলোঁ। এটা সময়ত টোপনি ধৰি ৰাখিব নোৱাৰি শুই পৰিছিলোঁ তই কিন্তু হাৰ মনা নাছিলি। পিঠাভজা শেষ কৰি পুৱাৰ বাবে কাঠআলু, মোৱা আলু লৈকে ঠিক কৰি থৈছিলি খাব পৰাকৈ।

   সেই দিনবোৰ ঘূৰি নাহে আৰু। তোৰ আদর্শক সন্মান কৰি মই ও চেষ্টা কৰো যিমান পাৰোঁ বিহুৰ যা-যোগাৰ কৰিবলৈ কিন্তু তোৰ নাতিতোৰ বাবে কাম কৰিবলৈ বৰ অসুবিধা হয় অ’। সি চব কথাই ক’ব পৰা হ’ল আৰু বৰ দুষ্ট হৈছে জান।তোক পোৱা হ’লে বৰ ভাল পালেহেঁতেন।

   বহুত লিখিলোঁ, আজিলৈ সামৰো। বৰ সোনকালে গুচি গ’লি অ’ আমাক এৰি বহুত শিকিবলৈ থাকি গ’ল তোৰ পৰা।


                                                    ইতি,

                                            তোৰ জীয়ৰী

                                        জিতামণি গোস্বামী

                                        চামগুৰি, নগাওঁ


Doksiri দকচিৰি, জুন, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages