সপোনৰ ভাষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

সপোনৰ ভাষা

 

সপোনৰ ভাষা


                         আৰতি শৰ্মা

  বাইহাটা চাৰিআলি; কামৰূপ 

   

টোপনিৰ দেশত সপোন দেখোঁ

কওঁ মই মনৰ কথা,

আইৰ মূখৰ নিচুকণি গীতত

নাপাওঁ একো ব্যথা।


গৰ্ভৰ পৰা জনম লৈ

মা'ক বুলিলোঁ মা,

অকণমানি দেহাটোত মোৰ

লাগিল ভাষাৰ বা।


এইটো মোৰ মৰমৰ ভাষা

আইৰ মূখৰ মাত,

জিলিকি থাকে যেনেকৈ তৰা

আকাশৰ নীলা গাত ।


কলকলাই বৈ যোৱা

নিজৰাটিৰ সুৰ,

মোৰ ভাষাৰ সুৱাস লৈ

যায় বহু দূৰ।


যি ভাষাতে শিকিলোঁ মই

অ-আ-ক-খৰ পাঠ,

সেই ভাষাতে গঢ়িম মই

উন্নতিৰ জখলা এক বাট।


প্ৰথম মাতটো শিকাইছিল

মোৰ মৰমৰ আইয়ে,

এই ভাষাই দিছে মোক

যাবলে’ আগুৱাই।


জন্মগত অধিকাৰ মোৰ

স্বাধীন মোৰ ভাষা,

এই লৈয়েই বুকুত বান্ধো

হেজাৰ হেজাৰ আশা।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages