চানডুবি আৰু সূৰ্য মন্দিৰলৈ
মনালিছা শইকীয়া
বোকাখাত
মানুহৰ জীৱনত শিকাৰ আৰু জনাৰ আগ্ৰহ, অনুসন্ধিৎসা, উৎকণ্ঠা অন্তহীন। ভ্ৰমণ মোৰ প্ৰিয় বিষয়। সেয়া লাগিলে ঘৰৰ কাষেদি বৈ যোৱা নদীখনৰ পাৰে পাৰে আবেলিৰ সূৰ্যাস্ত চাবলৈ যোৱাই হওঁক নতুবা গোবাটেদি গৈ গৈ বিস্তীৰ্ণ পথাৰডৰাৰ মাজ পোৱাগৈয়ে হওঁক। ভ্ৰমণে যি দিয়ে সেই সন্তুষ্টি আন হয়তো একোৱেই দিব নোৱাৰে। অসমখনৰ চুকে-কোণ সামৰি ঘূৰিব পৰাটো হৈছে জীৱনৰ অন্যতম উদ্দেশ্য। নিজৰ জন্মভূমিখনৰ অৰঙে দৰঙে জানিব পৰাটো, চিনিব পৰাটো, ভৌগোলিক জ্ঞান লাভ কৰিব পৰাটোহে আচলতে এই ভ্ৰমণৰ মূল কথা। এনেদৰে ফুৰাৰ আমেজ আৰু আনন্দ সুকীয়া। অসমৰ জাতি জনগোষ্ঠীৰ সৰল জীৱন চৰ্চাক কাষৰপৰা উপলব্ধি কৰাৰ হেঁপাহ সুকীয়া। এই সন্তুষ্টিক আকৌ এবাৰ মনৰ আকুলতাৰে স্পৰ্শ কৰিবৰ বাবেই বৰ্ষণমুখৰ পুৱাটোত ছয়গাঁৱৰ পৰা আমি ওলালোঁ চানডুবি আৰু গোৱালপাৰাৰ শ্ৰী সূৰ্য মন্দিৰ দৰ্শনৰ উদ্দেশ্যেৰে। প্ৰথমে গ'লো চানডুবিলৈ বুলি। এই বিলখন গাৰো পাহাৰৰ পাদদেশত অৱস্থিত। ছয়গাঁৱৰ পৰা প্ৰায় ৪০ কি.মি. দূৰত্বত কামৰূপ জিলা আৰু ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ এলেকাত অৱস্থিত চানডুবি বিল অসমৰ এক মনোৰম প্ৰাকৃতিক জলাশয়। ১৮৯৭ চনৰ ১২ জুনৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত ভূমি বহি গৈ এই বিলখনৰ সৃষ্টি হৈছিলবুলি জনা যায়। চানডুবিলৈ যোৱা বাটৰ দুয়োকাষে ওখ ওখ আৰু বৃহৎ বৃহৎ গছ আৰু চাহবাগিছা। এককথাত লানি লানি সেউজ অৰণ্য। বহু দূৰলৈকে কোনো ঘৰ-দুৱাৰ, দোকান-পোহাৰ চকুত পৰা নাছিল। মাজে মাজে দুই এটা সৰু সৰু মন্দিৰ। বাছখনৰ এগাড়ী মানুহৰ মাজতো কোনো হাই-উৰুমি নাই। গাড়ীৰ ভিতৰতে থকা মাইক্ৰ'ফোনত ৰঞ্জন গোস্বামী, জাহ্নুদেৱ কলিতা,ৰাতুল শৰ্মাহঁতে বৰ সাৱলীলভাৱে আৰু মনপৰশাকৈ চানডুবিৰ ইতিহাস বৰ্ণনা কৰি গৈছে। সকলোৱে আপোনমনে বাটৰ কাষৰ সেউজীয়াবোৰ চাই চাই কথাবোৰ হৃদয়ঙ্গম কৰিছে। তাৰমাজতে দুই এটা গান, কবিতাৰ পাঠ আৰু আবৃত্তিয়েও সকলোকে মনৰ খোৰাক যোগাইছে।
ওৰেটো বাট বাছখনৰ মৃদু শব্দ, বাহিৰত হৈ থকা মুষলধাৰ বৰষুণ আৰু বৰষুণত তিতি হালি-জালি থকা সেউজীয়া গছবোৰ চাই চাই আমি যেতিয়া চানডুবি পাইছিলোঁগৈ তেতিয়া বেলিয়ে পশ্চিমলৈ বুলি ঢাপলি মেলিছিল। পশ্চিমাকাশৰ হেঙুলীয়া বেলিৰ পোহৰ পৰি গছ-বনবোৰত অলপ আগতে হৈ যোৱা বৰষুণজাকৰ টোপালবোৰৰ কণ কণ মুকুতামণিবোৰ জিলিকি উঠিছিল। চানডুবিৰ নীল-সেউজ জলৰাশি, দুয়ো পাৰৰ সেউজ বননি তথা দূৰৈৰ নীলাভ গাৰো পাহাৰত কপহুৱা মেঘৰ থুপাথুপি চাদৰখনে আমাৰ বাটৰ ক্লান্তি দূৰ কৰিছিল। সমগ্ৰ সেউজ চৌহদত ঘূৰি-পকি আমাৰ অলপো ভাগৰ লগা নাছিল। কোনোৱে নাৱত উঠিছিল, কোনোৱে সৰু সৰু বেঞ্চবোৰত বহি জিৰাইছিল আৰু কোনো কোনোৱে চৌপাশৰ সেউজীয়াবোৰ চাই চাই আপোনপাহৰা হৈ নিৰ্জনতাৰ গান শুনিছিল। কিমান সময় পাৰ হৈ গৈছিল কাৰো ভ্ৰূক্ষেপ নাই। আবেলিটো ক্ৰমাৎ ছয়াময়া আন্ধাৰে আৱৰি ধৰিছিল। সকলোৱে সৰু সৰু হোটেল, ঘুমটিবোৰত পোৱা স্থানীয় খাদ্য, আলু-পৰঠা, ঘুগুনি বা অন্য মুখৰোচক খোৱাবস্তুবোৰৰ সোৱাদ লৈছিল।
ফুৰি ফুৰাৰ মাজতে আমি কাষতে ফুলেৰে জাতিষ্কাৰ হৈ থকা পৰ্যটন নিবাসটো চাবলৈ গৈ গম পাইছিলোঁ যে তাৰ বৰ্তমান বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি আছে বিশিষ্ট কবি ডেনী গামে। কবিতাৰ যোগেদি আমাৰ চিনাকি সুদীৰ্ঘ সময়ৰ আৰু সেই চিনাকি সুদৃঢ় হৈছিল ডেনী গাম কাজিৰঙাত থকা কালছোৱাত। আমি আহিছোঁ বুলি তাৰেই এজন ব্যক্তিৰ যোগেদি খবৰ পাই তেখেত লৰালৰিকৈ ওলাই আহিল। সকলোকে দেখা পাই তেখেত অভিভূত হ'ল আৰু আমাৰ লগতে অন্য পৰ্যটক সকলকো নিবাসৰ মুকলি বাৰান্দাত বহিবলৈ আসন দি এটি সৰু অনুষ্ঠানৰ আয়োজন কৰিলে। হঠাৎ হোৱা অনুষ্ঠানটিৰ ময়ে আঁত ধৰিলোঁ আৰু আমাৰ দলটোৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা যোৱা পৰ্যটক সকলৰ এটি চমু পৰিচয় পৰ্ব সকলোৱে নিজে নিজে দাঙি ধৰিলোঁ। চিনাকি পৰ্বৰ পাছতে বহু কেইজন ব্যক্তিয়ে চানডুবি চাই হোৱা অনুভৱ মুকলি মনেৰে ব্যক্ত কৰিলে। চিনাকি পৰ্ব, কবিতা পাঠ, মনৰ অনুভৱ ব্যক্ত কৰাৰ পিছতে ডেনী গাম ডাঙৰীয়াই চানডুবিৰ পৰ্যটন সম্পৰ্কে এটি চমু সাৰুৱা ভাষণ দিয়ে। লগতে সকলো পৰ্যটকক সন্মান জনাই তেখেতে স্থানীয় এজন ৰাভা জনজাতিৰ ল'ৰাক বাঁহী বজাবলৈ আমন্ত্ৰণ কৰি আনে। তেওঁৰ বাঁহীৰ অময়া সুৰে সকলোকে মুগ্ধ কৰে। বিশেষকৈ তেওঁ যেতিয়া অতি জনপ্ৰিয় ৰাভা লোকসংগীত 'কাঞ্চনা…' ৰ সুৰ তুলিছিল সকলো আবেগিক হৈ পৰিছিল। সকলোৱে একেমুখে ল'ৰাজনৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি শুভেচ্ছা জনাইছিল। অনুষ্ঠান শেষ হোৱালৈ আন্ধাৰে ঠাইখন আৱৰি ধৰিছিল। দূৰৈৰ দিগন্তত সুৰুযৰ শেষ হেঙুলী কিৰণছাটিয়ে পোহৰৰ শেষ কণিকা ছটিয়াইছিল। খন্তেকতে ইমান সুন্দৰ আৰু মননশীল অনুষ্ঠান এটিৰে আমাক আপ্যায়িত কৰাৰবাবে ডেনী গামক কৃতজ্ঞতাসহকাৰে ধন্যবাদ জনাই সকলো নিজৰ নিজৰ গাড়ীত উঠিলোঁ। সেউজভূমিক চকুলো মচি বিদায় জনালোঁ।
চানডুবিৰ ইতিহাসঃ
অসমৰ ইতিহাসত চানডুবিৰ স্থান অত্যন্ত গুৰুত্বপূৰ্ণ। স্বাধীনোত্তৰ কালৰ আগত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত কিছুমান সৰু সৰু স্বতন্ত্ৰ অথবা কৰতলীয়া ৰাজ্য আছিল আৰু সেই ৰাজ্যবোৰৰ ৰজাসকলে কিছুমান বিশেষ শ্ৰেণীৰ জাতি-জনগোষ্ঠী বা গোটৰ লোকসকলক একত্ৰিত কৰি শাসনকাৰ্য চলাইছিল। তেনে কিছু ৰাজ্য অসমতো আছিল বুলি ইতিহাসে আমাক সাক্ষী দিয়ে। কামৰূপ জিলাৰ অন্তৰ্গত তথা মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলসমূহতো বিভিন্ন জনজাতীয় ৰজা বা প্ৰতিপত্তিশীল চৰ্দাৰৰ শাসন চলিছিল। উদাহৰণ স্বৰূপে বেলতলা, ৰাণী, বৰদুৱাৰ, ৰাজাপাৰা, গোভা ইত্যাদি। ৰাজাপাৰাৰ সোণাৰি ৰজা আছিল খাছি ৰজাৰ কৰতলীয়া ৰজা। খাছিসকলে চানডুবি অঞ্চলত থকা ‘ডুবি’ৰ আশে-পাশে পাঁচটা স্থানত পাঁচজন দেৱ-দেৱীক পূজা কৰিছিল। খাছি ভাষাত পাঁচজন দেৱ-দেৱীক কোৱা হয় ‘চান উব্লেই। ‘চান’ মানে পাঁচ, ‘উব্লেই’ মানে দেৱতা। সেই দেৱ-দেৱীকেইজনৰ ভিতৰত আছিল কাৰলং-মহাদেৱ। বৰ্তমান যিখিনি ঠাইক কলং বুলি কোৱা হয় সেই স্থানতে কাৰলং-মহাদেৱৰ পূজা হৈছিল। খুৱদিয়াৰ কেঁচাইখাইতী থানত চতুৰ্দশ শতিকালৈকে নৰবলি প্ৰথাৰ প্ৰচলন আছিল। চানডুবিৰ উত্তৰে আছিল ভগৱতী গোসাঁনী-বাতাহী পাহাৰ। ঘিলাঘাটত সিন্দূৰবঢ়াক পূজা কৰা হৈছিল। ছাগলছাৰী পাহাৰৰ বগা শিলৰ ডাইনী ডুবিৰ দক্ষিণৰ পাহাৰখনেই হৈছে ছাগলছাৰী পাহাৰ। ১৮৯৭ চনৰ ভূমিকম্পত এই ঐতিহাসিক স্থানবোৰৰ কিছুমান ডুব গৈছিল। গতিকে যিটো ‘ডুবি’ৰ পাৰত ‘চান উব্লেই’ক অৰ্থাৎ পাঁচজন দেৱতাক পূজা কৰা হৈছিল সেই ডুবিটোৱে হ’ল পাঁচজন দেৱতাৰ বিল অৰ্থাৎ 'চান উব্লেই ডুবি'। পিচলৈ ভৈয়ামৰ জনজাতি ৰাভা-কছাৰী লোকৰ মাজত উব্লেই বাদ পৰি কেৱল 'চানডুবি' হয় বুলি ৰাজাপাৰাৰ শ্ৰী নলিনী ৰাভাদেৱৰ লেখাত তথ্য পোৱা যায়। লগতে এক কিংবদন্তি আখ্যান মতে চান্দ সদাগৰে পাহাৰীয়া জনজাতিসকলৰ লগত বেহা-বেপাৰৰ উদ্দেশ্যেৰে কুলচী নৈৰে উজাই আহি এই ডুবিতেই নাও বান্ধিছিল বুলি জনশ্ৰুতি আছে। চান্দ সদাগৰে নাও বন্ধা ডুবিটোৰ নাম শেষলৈ চানডুবি হ’ব পাৰে বুলিও বহুতে বিশ্বাস কৰে।
হিমালয়ৰ পাদদেশত থকা খাছি পাহাৰৰ বিভিন্ন নিজৰা লগ হৈ সৃষ্টি হোৱা নদীবোৰক বিভিন্ন অঞ্চলত কাখ্ৰি, কাক্ৰেং, শ্ৰী(বৰ্তমান কুলচী) নামেৰে জনা যায়। সেইবোৰ ভৈয়ামলৈ নামি আহি অসম-মেঘালয়ৰ উকিয়ামৰ ওচৰত দ্ৰোণ আৰু ঘাগাৰৰ লগ লাগে। এই তিনিওখন সৰু সৰু নৈ লগ হৈ নামনিলৈ নামি আহি বৰ্তমানৰ চানডুবি অঞ্চলেৰে বৈ গৈ কাংক্ৰি সাগৰত পৰিছে। কালক্ৰমত বিভিন্ন সময়ত হোৱা ভূ-আন্দোলনৰ ফলত বৰ্তমানে খুৱদিয়া-জুপাংবাৰীৰ ওচৰত নদীপথৰ তলি উঠি আহি নদীপথত প্ৰাচীৰৰ সৃষ্টি হৈছিল। তাৰফলত শ্ৰীনদীৰ পানী ওফন্দি উঠে আৰু পাহাৰৰ নামনিৰ দ’ ঠাইবোৰলৈ পানী বিস্তাৰিত হৈ পৰাত এটা সৰু অশ্বখুৰা হ্ৰদলৈ ৰূপান্তৰিত হৈছিল। স্থানীয় ভাষাত ইয়াক ডুবি, ডোভা বা বিল বুলি কয়। পিচত নদীৰ গতিপথ সলনি হৈ শ্ৰী নদীয়ে কুলচী নাম লৈ চম্পকনগৰ হৈ ব্ৰহ্মপুত্ৰত বিলীন হয়। ১৮৯৭ চনৰ ভূমিকম্পত ডুবিৰ তলি তললৈ বহি যায় আৰু লগতে উপত্যকাটোৰ কিছু সমভূমি অংশও তললৈ বহি যায় বুলি ধাৰণা কৰা হয়। বৰ্তমানে দক্ষিণে খুৱদিয়া-জুপাংবাৰীৰ পৰা আৰম্ভ কৰি গোটেই লোহাৰঘাট অঞ্চল, বিশেষকৈ পশ্চিম দিশত আলিহা, ঘাগ্ৰাচুক, বাতাবাৰী, ধনীপাৰা, খামাৰ, বেবেৰীপাৰা; উত্তৰ দিশত গণকপাৰা, মাৰাভিঠা, ভেলেৰা, বগাপানী, পাঠেলীপাৰা ইত্যাদি বহু হাজাৰ হেক্টৰ মাটিকালিৰে কাংক্ৰি সাগৰ আছিল বুলি ধাৰণা কৰা হয়। চান্দ সদাগৰৰ চম্পকনগৰ, বিষহৰি বা বেংখাইতী কানি, সতী বেউলা-লখিন্দৰৰ জনশ্ৰুতি এই কাংক্ৰি সাগৰৰ লগত জড়িত কাহিনী। গতিকে কাংক্ৰি সাগৰৰ অৱস্থিতি একে আষাৰে নুই কৰিব নোৱাৰি। প্ৰাগজ্যোতিষপুৰৰ প্ৰবল প্ৰতাপী ৰজা ভগদত্তৰ সময়ত কাংক্ৰি সাগৰ থকাৰ কথা কিছুমান পণ্ডিতে ক’ব খোজে। গতিকে কাংক্ৰি সাগৰ মহাভাৰতৰ যুগৰ বুলি ঠাৱৰ কৰিব পাৰি। এনেবিলাক কথাৰ সঠিক ঐতিহাসিক প্ৰমাণৰ বাবে খনন কাৰ্যৰ প্ৰয়োজন আছে।
চানডুবি ৯১.২৪˝ পূব আৰু ২৫.৫২˝ উত্তৰলৈ বিস্তৃত। ই দীঘলে প্ৰায় ৭ কিলোমিটাৰ, বহল গড় হিচাপত প্ৰায় ১ কিলোমিটাৰ। বিলখনৰ আকৃতি দেখিবলৈ এটা ‘এমিবা’ৰ দৰে। মূল বিলখনক কেন্দ্ৰ কৰি ইয়াৰ বিভিন্ন প্ৰশাখা বহু দূৰলৈকে বিস্তৃত হৈ আছে। চানডুবিৰ শাখা-প্ৰশাখাক কেন্দ্ৰ কৰি মুঠ মাটিকালিৰ পৰিমাণ ২০০০ হেক্টৰ। উচ্চতা প্ৰায় ৭০ৰ পৰা ১৫০ মিটাৰ আৰু বৰ্তমান চানডুবিৰ গড় গভীৰতা তিনি মিটাৰ। নামনি অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ দক্ষিণে অসম-মেঘালয় সীমান্তত অৱস্থিত এই বিল প্ৰকৃতিৰ অনুপম সৃষ্টি। চাৰিওফালে নীল-সেউজ পাহাৰেৰে আৱৰি থকা বিলখনত এটা শান্ত সমাহিত আৰু নিৰ্জন পৰিৱেশ বিৰাজমান। বিলৰ চৌপাশে চিৰসেউজ প্ৰাকৃতিক পৰিৱেশত বিভিন্ন প্ৰজাতিৰ গছ-গছনি, জীৱ-জন্তু, থলুৱা চৰাই-চিৰিকটিৰ লগতে পৰিভ্ৰমী চৰাইবোৰ আৰু বিলখনত নানা তৰহৰ জলজ উদ্ভিদ, মাছ-কাছ আদিৰে ভৰি আছে। যান্ত্ৰিকতাই আঁচোৰ পেলাব নোৱাৰা চানডুবিৰ পৰিবেশ বহু পৰিমাণে নিৰ্মল আৰু প্ৰদুষণমুক্ত। আন্ধাৰে ক'লা চাদৰ তৰি দিয়া নিৰ্জন বাটটোৰে উভতি আহোতে মনলৈ এটা কথাই বাৰে বাৰে আহিছিল। উন্নয়নৰ কাৰচাজিত এই সেউজীয়াখিনি যেন কাহানিও হেৰাই নাযায়।
ৰাতিটো আমি মানে মই, মণিকা শৰ্মা আৰু মণিকাৰ জীয়ৰী হৰ্ষিতা ছয়গাঁৱৰ বিশিষ্ট ব্যক্তি তথা এটি অতি সুৰুচিসম্পন্ন, সামাজিক-সাংস্কৃতিক পৰিয়াল, শিক্ষক দ্বিজেন্দ্ৰ নাথ শৰ্মা দাদাৰ ঘৰত কটালোঁ। শিক্ষয়িত্ৰী নিৰ্মালি নবৌ আৰু ভতিজী ময়ূৰীৰ মৰম, আদৰ-সাদৰ কেতিয়াও নাপাহৰোঁ। পুৱাতেই ওলালোঁ এখন গ্ৰন্থ উন্মোচনী সভালৈ। তাতে পুৱাৰ চাহ জলপান খাই সকলো বাছত বহিলোগৈ। এইবাৰ যাত্ৰাৰ উদ্দেশ্য গোৱালপাৰাৰ সূৰ্য্য মন্দিৰ দৰ্শন। আকৌ সেই সুবিশাল সেউজ অৰণ্যৰ মাজে মাজে আমাৰ মনোৰম যাত্ৰা। পথৰ কাষৰ সেউজীয়া, মৃদু স্বৰত বাজি থকা প্ৰিয় গীতবোৰ আৰু মসৃণ আলিবাটে যাত্ৰাৰ ভাগৰ নোহোৱা কৰিলে। ইমান ধুনীয়া ধুনীয়া গছবোৰ হেনো ফৰলেনৰ বাবে কাটি পেলোৱা হ'ব! কথাটো শুনি বুকুখন হমহমাই গৈছিল। আমাক উন্নয়ন লাগে সঁচা কিন্তু সেই উন্নয়ন হ'ব লাগে প্ৰকৃতিৰ পৰিপন্থী। প্ৰকৃতি ধ্বংস কৰি হোৱা উন্নয়নে মানৱ সভ্যতাৰ এদিন পতন ঘটাবযে সেয়া খাটাং কথা। বাটৰ কাষৰ ধাৱা এখনত আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। থলুৱা খাদ্য সম্ভাৰেৰে সজাই দিয়া কাঁহীখন দেখি ভোক বেছিকৈহে লাগিল। ধাৱাখনৰ সন্মুখভাগত বহুতো থলুৱা খাদ্য সামগ্ৰীৰ দোকান। আমিও তাতে পিঠাপনা, জহা আৰু ক'লা চাউল, খৰিচা, পানীটেঙা আদি কিনিলোঁ। সাধাৰণতে এইবোৰ ঘৰতে বনাও যদিও আন ঠাইৰ থলুৱা খাদ্যৰ সোৱাদ লৈ ভালপাওঁ। এজন অসমীয়া ব্যৱসায়ীক অকণমান সহযোগ কৰি ভালপাওঁ। তেনে বস্তুৰ গুণগত মান বেয়া হ'ব পাৰে কিন্তু তেওঁক আমি ভাল কৰিবলৈ, পৰিবৰ্তনশীল সমাজৰ মানুহৰ ৰুচি অনুযায়ী খাদ্য প্ৰস্তুত কৰিবলৈ ক'ব পাৰোঁ। আমাৰ আশা এদিন থলুৱা বয়বস্তু বোৰেও বজাৰত সমাদৰ লাভ কৰিব। তাৰবাবে লাগিব আমাৰ সকলোৰে আন্তৰিক সহযোগিতা আৰু নিৰন্তৰ প্ৰয়াস।
লাহে লাহে বেলি লহিয়াবলৈ আৰম্ভ কৰিছিল। আমিও তেনে এক মধুৰ ক্ষণতে সূৰ্য পাহাৰৰ পাদদেশত উপস্থিত হ'লোঁগৈ। সন্মুখত সুবিশাল সেউজীয়া বননিৰে এখন বৃহৎ মুকলি পথাৰ। মন্দিৰলৈ সোমাই যোৱা বাটৰ দুয়োকাষে লানি লানিকৈ দোকান-পোহাৰ। ধূপ-চাকিৰ লগতে নানা তৰহৰ মনিহাৰী বয়-বস্তুৰে দোকানবোৰ ভৰি আছে। ঘৰৰ মানুহবোৰলৈ বুলি ভাললগা দুই এপদ বস্তু কিনিলোঁ। অসংখ্য পৰ্যটকে সকলো দোকানতে ভিৰ কৰি আছে। বয়-বস্তু চাই চাই সোমালোগৈ নতুনকৈ সজা মিউজিয়ামটোত। সূৰ্য মন্দিৰৰ ইতিহাস সম্বলিত ভালেমান স্মাৰকৰ লগতে অসমৰ অনন্য সংস্কৃতিক তাত সংগ্ৰহ কৰি ৰখা হৈছে। ফটো তোলা নিষেধ আছিল আৰু বন্ধ কৰাৰ সময় হোৱাৰবাবে আমি লৰালৰিকৈ সকলোখিনি চাবলৈ যত্ন কৰিছিলোঁ। মিউজিয়ামৰ পৰা ওলাই গৈ পৌৰাণিক স্থানসমূহ চালোঁ আৰু শেষত মূল মন্দিৰভাগ চাবলৈবুলি খটখটী বগালোঁ। বৰষুণৰবাবে খটখটী বিলাক অত্যন্ত পিচল হৈ আছিলবাবে আমি সাৱধানে উঠিব লগা হৈছিল। মন্দিৰৰ দ্বাৰ তেতিয়াও মুকলি হৈ থকাত আমি সকলোৱে মনৰ সদিচ্ছাৰে ধূপ চাকি জ্বলালো আৰু শিলাময় পাহাৰৰ বুকুত গঢ় দিয়া সেই প্ৰাচীন ঐতিহ্য পৰ্যবেক্ষণ কৰি অভিভূত হ'লোঁ। প্ৰতিটো শিলৰ বুকুত কত ইতিহাস লুকাই আছে! প্ৰাচীনকালৰ ঋষি-মুনি সকলৰ তপস্যাৰত সময়ৰ স্বাক্ষৰ বহন কৰা প্ৰতিটো শিলক শতকৌটি প্ৰণাম! হে সময় আমাৰ এই প্ৰাচীন ঐতিহ্যৰ সোণালী ইতিহাস যেন সদায় থিয় দি থাকে। লাহে লাহে ৰ'দে তিৰবিৰাই থকা ধুনীয়া উমাল আবেলিটো অস্তগামী সুৰুযে শেষ হোৱাৰ জাননী দিছিল আৰু আমিও সূৰ্য পাহাৰৰ বুকুৰপৰা নামি গাড়ীত বহিলোঁহি। ঘূৰি অহাৰ বাটত গোৱালপাৰাৰ সৈনিক বিদ্যালয়ৰ সন্মুখত ৰৈ ফটো তুলিলোঁ আৰু চৌহদতো জুমি জুমি চালোঁ। তেতিয়া যিহেতু সন্ধিয়া লাগিছিল সেয়ে গেট খুলি ভিতৰত সোমোৱাৰ ব্যৱস্থা নাছিল। পুনৰ গাড়ীত উঠি এই যাত্ৰাৰ সামৰণি মাৰিলোঁ নিশা ন বজাত গুৱাহাটীত। আমাৰ এই যাত্ৰাৰ আয়োজক আছিল এটি মনন-ধৰ্মী অনুষ্ঠান 'শুদ্ধচিন্তা'। ৰুপল নাথ, দেৱজিৎ ভৰালী, দ্বিজেন্দ্ৰ নাথ শৰ্মা, ৰশ্মিতা বৰঠাকুৰ, জ্যোতিপ্ৰভা দাস, গুণেন্দ্ৰ ফুকন, জ্যোতিমণি শইকীয়া, মোলান চন্দ্ৰ লস্কৰ, জ্যোতি নেওগ, নিৰুপমা ডেকা, ৰঞ্জু মহন্ত, মণিকা শৰ্মা, ৰঞ্জন গোস্বামী, ৰাতুল শৰ্মা, জাহ্নুদেৱ কলিতা, উৎপল আদি। প্ৰায় সকলৰ পৰিয়ালসহ প্ৰায় ৪০ জনমান ব্যক্তি এই যাত্ৰাত সহযোগী হৈছিলোঁ। ইমানখিনি মানুহক একেলগে আতিথ্য দিব পৰাটো শুদ্ধচিন্তাৰ হৈ ছয়গাঁৱত দায়িত্ব গ্ৰহণ কৰা দ্বিজেন্দ্ৰ নাথ শৰ্মা, ৰঞ্জন গোস্বামী আৰু ৰাতুল শৰ্মা সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ। তদুপৰি শুদ্ধচিন্তাই আয়োজন কৰা অনুষ্ঠানৰ অংশস্বৰূপে অন্যতম সফলতা।
সূৰ্য মন্দিৰৰ ইতিহাসঃ
গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য পাহাৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন পৌৰাণিক ঐতিহ্যমণ্ডিত পৰ্যটনথলী। গোৱালপাৰা চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ নিলগত থকা শ্ৰী সূৰ্য পাহাৰৰ মহাপীঠস্থানখনৰ মাটিকালি ১৬,০২৫ হেক্টৰ। সূৰ্য পাহাৰত উদ্ধাৰ হোৱা প্রত্নতাত্বিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্যবোৰে পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ ওপৰত আলোকপাত কৰে। পাৰ্বত্য অঞ্চলত অৱস্থিত মহাপীঠস্থানখনত মূলতঃ অসংখ্য শিলত খোদিত শিৱলিংগৰ লগতে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ দেৱ-দেৱীসকলৰ মূৰ্তি প্ৰায় এক কিলোমিটাৰ অঞ্চল জুৰি বিয়পি আছে। শ্ৰী সূৰ্য পাহাৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই মহাপীঠস্থানকলৈ প্ৰচলিত জনপ্ৰিয় বিশ্বাস হ'ল যে প্ৰায় এক লাখ শিৱ লিংগৰে এয়া দ্বিতীয় কাশী! অৱশ্যে এই তথ্যৰ কোনো ঐতিহাসিক প্ৰমাণ পোৱা হোৱা নাই। প্ৰত্নতত্ববিদসকলে এই পাহাৰত কিছুমান শিৱ লিংগ আৰু বহু কেইটা ঘৰ আৱিষ্কাৰ কৰিছিল। যি কথাই প্ৰমাণ কৰে যে অতি প্ৰাচীন কালতে শ্ৰী সূৰ্য পাহাৰক কেন্দ্ৰ কৰি এটা অতি সমৃদ্ধিশালী সভ্যতা তাত প্ৰতিষ্ঠিত আছিল। এই কথাৰ প্ৰমাণ দিয়ে ঘৰৰ জটিল বিন্যাস তথা বৈজ্ঞানিক মানচিত্ৰৰ প্ৰয়োগে। অন্য এক সূত্ৰই কয় যে প্ৰসিদ্ধ চীনা ভ্ৰমণকাৰী হিউৱেন চাঙৰ বিৱৰণতো শ্ৰী সূৰ্য পাহাৰৰ অস্তিত্ব আছিল আৰু এই ঠাইখণ্ড কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মণৰ ৰাজ্যৰ অন্তৰ্গত আছিল। শ্ৰী সূৰ্য পাহাৰৰ অতি গুৰুত্বপূৰ্ণ তাৎপৰ্য হ'ল যে এই পাহাৰৰ সংস্কৃতি হিন্দু, বৌদ্ধ তথা জৈন ধৰ্মৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে। ইয়াৰ উল্লেখযোগ্য ভাস্কৰ্যসমূহ হ'ল শিৱ-বিষ্ণুৰ মূৰ্তি, দ্বাদশভূজা বিষ্ণুৰ মূৰ্তি, গণেশ, হৰি-হৰ, শিলত খোদিত শিৱলিংগ, বিষ্ণুপদ, শিলত কটা গুহা ইত্যাদি। অপৰিসীম সৌন্দৰ্য আৰু মনোমোহা নিৰ্মাণশৈলীৰ ফালৰ পৰা লক্ষ্য কৰি এই লানি ভাস্কৰ্য খ্ৰীষ্টীয় নৱম শতিকাৰ বুলি ঐতিহাসিক সকলে ঠাৱৰ কৰিছে।
প্ৰাচীন অসমত অসংখ্য দেৱ-দেৱীৰ পূজা হৈছিল যদিও মূলতঃ দুখন ঠাইতহে সূৰ্য দেৱতাৰ পূজাৰ প্ৰচলন আছিল বুলি কালিকা পুৰাণত উল্লেখ পোৱা যায়। ইয়াৰ ভিতৰত শ্ৰী সূৰ্যপাহাৰ অন্যতম আৰু এই পাহাৰখন সূৰ্য দেৱতাৰ মূৰ্তিৰে সমৃদ্ধ। ইয়াত দেখা পোৱা এটা বিশেষ শিলাখণ্ডত ঘূৰণীয়া আকৃতিৰ এক ভাস্কৰ্য আছে আৰু তাৰ কেন্দ্ৰস্থলত থকা ভাস্কৰ্যটো প্রজাপতি বুলি চিহ্নিত কৰা হৈছে। বাৰটা পদুমৰ পাহিৰে প্ৰজাপতিক আবৃত কৰি ৰখা আছে। প্ৰতিটো পদুমৰ পাহিত এটাকৈ আদিত্যৰ মূৰ্তি আছে। সেইবোৰ ক্রমে ধাত্ৰী, মিত্ৰ, আৰ্যমান, ৰুদ্ৰ, বৰুণ, সূৰ্য, ভাগ, বিৱসণ, পুষণ, সাবিত্রী, তৱস্ত্ৰী আৰু বিষ্ণু। এই কথাই প্ৰমাণ কৰে যে শ্ৰী সূৰ্য পাহাৰ সূৰ্য পূজাৰ লগত জড়িত আছিল। প্রাচীন কামৰূপৰ বুৰঞ্জীত বৌদ্ধধৰ্মৰ বিষয়ে বিশেষ উল্লেখ নাই যদিও সূৰ্যপাহাৰত পোৱা বৌদ্ধধৰ্মৰ শিলত কটা স্তুপবোৰে ইয়াত বৌদ্ধধৰ্মৰ চৰ্চা হৈছিল বুলি ইংগিত বহন কৰে। ইয়াত থকা বৌদ্ধধৰ্মৰ স্তূপবোৰ বিভিন্ন জোখৰ আৰু অৰ্ধগোলাকৃতিৰ। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি বৌদ্ধধৰ্মৰ হীনযানপন্থী সকলে এয়া নিৰ্মাণ কৰিছিল বুলি ঠাৱৰ কৰা হৈছে। জৈন ধৰ্মৰ শিলালিপি আৰু ভাস্কৰ্যৰ নির্মাণশৈলী খ্ৰীষ্টীয় নৱম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে। এটা ডাঙৰ গ্ৰেনাইট শিলৰ নামনি অংশত জৈন ধৰ্মৰ দুটা মূর্তি খোদিত কৰা আছে।
মূর্তি দুটা থিয় অৱস্থাত ধ্যানমগ্ন হৈ আছে আৰু ইয়াৰ হাত দুখন এক বিশেষ ভংগিমাত আঠুৰ তললৈকে ওলমি আছে । অইন এটা মূৰ্তি পাহাৰৰ ওপৰত আছে ইয়াক আদিনাথৰ মূৰ্তি বুলি জনা যায়।
সূৰ্য পাহাৰৰ পাদদেশত চলোৱা খনন কাৰ্যত দুটা মন্দিৰৰ চৌহদৰ লগতে বহুতো পৌৰাণিক সম্পদ উদ্ধাৰ হৈছে যাৰ সময়সীমা খ্রীষ্টীয় ষষ্ঠ শতিকাৰ পৰা দ্বাদশ শতিকাৰ বুলি অনুমান কৰা হৈছে । ইয়াত উদ্ধাৰ হোৱা এটা মন্দিৰৰ চৌহদ ইটাৰে নিৰ্মিত আৰু ই উত্তৰা-দক্ষিণাকৈ অৱস্থিত। খনন কাৰ্যত উদ্ধাৰ হোৱা আনটো মন্দিৰৰ চৌহদ শ্ৰীসূৰ্যপাহাৰত থকা পুৰণি পুখুৰীৰ ওচৰত। এই ঠাইখনৰ উল্লেখযোগ্য আৱিস্কাৰৰ ভিতৰত মহিষাসুৰমৰ্দিনী, গজসিংহ, বিদ্যাধৰ, কীৰ্তিমুখ, পোৰা মাটিৰ বুদ্ধদেৱৰ মূৰ্তি, মানুহ, জন্তুৰ কীর্তিমুখ, সিংহৰ মুখ আদিয়ে প্রধান। প্রকাশযোগ্য যে এই পাহাৰত অতিকমেও একলাখ শিলত কটা সৰু ডাঙৰ শিৱলিংগ আছে বুলি জনশ্ৰুতি আছে। ইয়াৰ উপৰি এটা দ্বাদশভূজাৰ প্রকাণ্ড মূর্তি শিলত খোদিত কৰা আছে। এই দ্বাদশ ভূজা মূর্তিটোক দশভূজাৰূপে ধাৰণা কৰি সূৰ্য পাহাৰখনৰ আন এটি নাম 'দশভূজা দেৱস্থান' ৰূপে জনাজাত। তদুপৰি এই ঠাইখনত হোৱা খনন কাৰ্যত এটা সৰু পানীৰ কুণ্ড উদ্ধাৰ কৰা হৈছে। ই গণেশ কুণ্ড নামেৰে সৰ্বজনবিদিত। ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগে খনন কাৰ্যত উদ্ধাৰ হোৱা বহুতো পৌৰাণিক সম্পদ শ্ৰীসূৰ্যপাহাৰত থকা সংগ্ৰহালয়ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে।
(সহায় লৈ)
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment