সংগ্ৰামৰ পোহৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, October 31, 2026

সংগ্ৰামৰ পোহৰ



 সংগ্ৰামৰ পোহৰ


                          বাংলা কবিঃ যাযাবৰ আশিষ 

    অসমীয়া অনুবাদঃ ড° ইকবাল হোচেইন খান

অৱসৰী উপাধ্যক্ষ, বৰপেটা মহাবিদ্যালয় 


পাহাৰে জানে – বতাহ আহিব, 

তীব্ৰ গতিৰে ধুমুহা উঠিব।

অবিচল, অটল 

তথাপিও সি মূৰ দাঙি থিয় হৈ থাকে।


নদীয়ে জানে – শিলবোৰ তাৰেই, 

বাট ভেটিব শত শতবাৰ। 

তথাপিও সি সাহসী সোঁতত বৈ যায়,

ভাঙি সকলো বাধা অতিক্ৰমি।


সূৰ্য্যই জানে – ৰাতি আহিব,

অন্ধকাৰে ঢাকি দিব আকাশ। 

তথাপিও সি ঘূৰি আহে প্ৰতিদিন,

জগাই তোলে নতুন আশ্বাস। 


বীজে জানে – মাটিৰ গভীৰত পুতি থোৱাৰ যন্ত্ৰণা ।

তথাপিও সি গজালি মেলে,

সেউজীয়া হৈ চুই দিয়ে নীল আকাশ।


গছে জানে – ধুমুহা আহিব,

ডাল ভাঙিব, বেগেৰে উৰিব পাত।

শিপাই সাহস দিয়ে মাটিৰ তলত,

দৃঢ়তাৰে গছ থাকিব জীয়াই।


মেঘে জানে – পৃথিৱীৰ বুকুত,

তৃষ্ণা জাগে ফটা মাটিৰ তলত।

তথাপিও সি আহে বৰষুণ হৈ,

নতুন জীৱনৰ গান শুনাবলৈ।


জুইয়ে জানে – পুৰি ছাই হ’ব,

তথাপিও জ্বলি থাকিব শিখা।

তাপ হৈ শক্তি যোগাব,

পোহৰ বিলাব নিৰৱধি।


সাগৰে জানে – ঢৌ যাব উভতি,

তথাপিও সি গৰজি উঠে বাৰে বাৰে।

সংঘাত নেওঁচি আগুৱাই যাব,

জীৱন সত্য, দৃঢ় সংকল্প তাৰ।


সময় সলনি হয়, দিন বাগৰে,

ভাগ্য হৈ পৰে কঠিন।

তথাপিও অদম্য শক্তিক কোনে ৰুধিব?

গ্ৰহণ কৰা প্ৰত্যাহ্বান, নোহোৱা কৰা ভয়,

বহু বাধাৰ মাজত আহে জয়।


মানুহে জানে – দুখ আহিব, 

সপোন ভাঙিব শত শত আঘাতত।

তথাপিও সি উঠি থিয় দিব,

নতুন পুৱাৰ পোহৰৰ আশাত।


প্ৰকৃতিয়ে শিকায় – শান্ত আৰু ধৈৰ্য, 

প্ৰতিটো ধ্বংসৰ মাজতে লুকাই থাকে সৃষ্টি।

ভাঙোনৰ মাজতো জীয়াই থাকে আশা,

নতুন সূৰ্য্যৰ অপেক্ষাত।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages