মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রা জীৱ-জন্তুৰ প্ৰতি অপৰিসীম মৰম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, October 31, 2026

মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রা জীৱ-জন্তুৰ প্ৰতি অপৰিসীম মৰম

 


মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রাঃ

জীৱ-জন্তুৰ প্ৰতি অপৰিসীম মৰম


দীপ্তি ঠাকুৰ গোস্বামী


(নৱম খণ্ড)


    মইনাহঁত, আজি তোমালোকক মহান শিল্পী জুবিন গার্গে প্রকৃতিখনক কিমান ভাল পাইছিল সেই বিষয়ে লিখাৰ প্ৰয়াস কৰিছোঁ। তেওঁৰ সংগীত আৰু জীৱনৰ বিভিন্ন দিশৰ সৈতে প্ৰকৃতিৰ লগত সম্পৰ্ক অতি গভীৰ আছিল। তেওঁ আছিল প্রকৃতিপ্রেমী আৰু পৰিৱেশ কৰ্মী। সেয়ে শিল্পীজনাই সদায়েই প্ৰকৃতিৰ সন্তান বুলি কৈছিল। তোমালোকে জানানে কিয় আমি গছ-লতা, তৰু-তৃণক ভাল পাব লাগে। যিহেতু গছে বায়ুমণ্ডলৰপৰা কাৰ্বন-ডাই-অক্সাইড গ্রহণ কৰে আৰু আমাক জীয়াই থাকিবলৈ প্রয়োজনীয় অক্সিজেন গেছ প্রদান কৰে। দেখিলানে মইনাহঁত, গছে আমাক কিমান সহায় কৰে। গছ নহ'লে আমি জীয়াই থাকিব পাৰিম জানো? তদুপৰি গছে কিমান উপকাৰ সাধন কৰে জানানে? গছে তাপমাত্রা নিয়ন্ত্ৰণ কৰে, প্ৰদূষণ মুক্ত কৰে আৰু জলবায়ুৰ ভাৰসাম্য ৰক্ষা কৰে। গছে মাটি খামোচা মাৰি ধৰি থাকে। সেয়ে আমি যদি পৰ্বত, পাহাৰ বা নদীৰ কাষত থকা গছবোৰ ধ্বংস কৰোঁ তেতিয়া কি হ'ব জানানে? বানপানীৰ কবলত পৰি খেতি-বাতি, মানুহ, জীৱ-জন্তু সকলোবোৰ নদীৰ সোঁতে উটুৱাই লৈ যাব। সেয়েহে উদ্ভিদক ভাল পাবলৈ, গছ-লতাৰ যত্ন ল'বলৈ সৰুৰেপৰাই শিকিব লাগে। যদিহে এই পৃথিৱীত গছ-লতা নাথাকে বন্যপ্ৰাণীৰ আশ্রয় স্থল হেৰাই যাব। আমি উদ্ভিদৰপৰা ফলমূল, শাক-পাচলি, ঔষধ, ঘৰ সজা সামগ্ৰীবোৰ উদ্ভিদে আমাক যোগান ধৰে। এই কথাবোৰ মহান শিল্পীজনাই মর্মে মর্মে উপলব্ধি কৰিছিল আৰু অসমখন সেউজীয়া কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল। আজি এই প্রকৃতি প্রেমীজন স্বর্গগামী হ'ল যদিও তেওঁক আমি ভগৱানৰ ৰূপ বুলি জ্ঞান কৰোঁ। আমাৰ হৃদয়ৰ নিভৃত কোণত স্থান দি এগছি বন্তিৰে উজলাই থৈছোঁ। শিল্পীজনাই যথেষ্ট গছ ৰোপণ কৰিছিল। তেওঁ গুৱাহাটীৰ দীঘলী পুখুৰীৰ গছ কটাৰ বিৰুদ্ধে তীব্র প্রতিবাদ কৰিছিল। আৰু প্ৰকৃতিৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিছিল। শিল্পীজনাৰ নাহৰ গছ অতি প্রিয় আছিল। তেওঁ জানিছিল নাহৰ গছৰ উপকাৰিতাৰ কথা। সোণ হীৰাতকৈও নাহৰ গছ মূল্যৱান। নাহৰ গছৰ ফুল বিভিন্ন চিকিৎসাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। নাহৰ গছৰ ফুলৰ ঔষধি গুণাগুণৰ সন্দৰ্ভত বিজ্ঞানীসকলে গৱেষণা কৰি আছে। যিহেতু বহুত ঔষধি গছৰ উদ্ভিদ এই জগতত আছে। এইবোৰৰ সন্দৰ্ভত অধ্যয়ন কৰে বিজ্ঞানীসকলে। তদুপৰি নাহৰ গছ চিৰ সেউজীয়া, দীর্ঘজীৱী। সুগন্ধি বগা ফুলৰদ্বাৰা পৰিৱেশ সতেজ কৰি ৰাখে। নাহৰ গছৰ ঘন পাতৰ ছাঁই চাৰিওফালে উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰাখে। তাৰ ফলত পৰিৱেশ শীতল হৈ থাকে। নাহৰ গছে প্ৰচুৰ পৰিমাণে অক্সিজেন গেছ প্রদান কৰে। অসমীয়া সমাজত নাহৰ গছ এক পবিত্ৰ আৰু ঐতিহ্যমণ্ডিত প্রতীক। শিল্পীজনাই জানিছিল সেউজীয়া পৰিৱেশ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ।

   তেওঁ নাহৰ গছক ইমানেই ভাল পাইছিল যে এই সুন্দৰ গীতটো তেওঁৰ সুমধুৰ কণ্ঠেৰে নিগৰি বৈ গৈছিল আৰু আকাশ বতাহে এটা মিঠা সুৰ হৈ লহৰ তুলিছিল প্ৰতিজন প্রকৃতিপ্রেমীৰ হৃদয়ত। আমিও এই গীতৰ কলি গুণগুণাই ভাল পাওঁ।


"অই নাহৰ ফুলাৰ বতৰ

অই নাহৰ মোৰ মৰমৰ

অই নাহৰ, অই নাহৰ, অই নাহৰ

আনিলি তই ব'হাগৰে বতৰ।”

   মইনাহঁত, তেওঁৰ প্ৰতিটো গীতেই কিমান অর্থবহ সেই কথা অনুভৱ কৰিব পাৰিবা যেতিয়া তোমালোক ডাঙৰ হ'বা। প্রকৃতিক ভাল পাবলৈ শিকিলেহে এই বিনন্দীয়া পৃথিৱীত জীয়াই থকাৰ সুবিধা পাবা। তোমালোকো মহান শিল্পীজনাৰ আদৰ্শৰে আগবাঢ়ি যাবা বুলি আশা কৰিলোঁ। তেওঁ প্রকৃতিক বহুত ভাল পাইছিল। সেয়ে তেখেতৰ ৫২ বছৰীয়া জীৱনৰ স্মৃতিত কাজিৰঙা উদ্যান কর্তৃপক্ষই ৫২ জোপা গছ ৰোপণ কৰিছে। এটা কথা ভাবিছানে প্রকৃতিক কিমান ভাল পালে বাৰু এজন লোকৰ ৫২ বছৰীয়া জীৱনৰ স্মৃতিত ৫২ জোপা গছ ৰোপণ কৰিব। এই কথাবোৰ তেখেতৰ জীৱন অধ্যয়ন কৰিলে জানিবলৈ সক্ষম হ'বা। আমি সদায়েই মহান লোকসকলৰ জীৱন অধ্যয়ন কৰিব লাগে আৰু তেওঁলোকে দেখুৱাই যোৱা সেন্দুৰীয়া পথেৰে আগবাঢ়ি যাব লাগে।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages