ফাদিল
নয়নমণি দাস
ঢকুৱাখনা, (শিক্ষয়িত্ৰী)
গাঁও খনত এফালৰ পৰা ডাইনি, যখিনী, ভূত, প্ৰেতে তাণ্ডব চলাইছে। গাঁৱৰ প্ৰায় মানুহেই সন্ধিয়াৰ আগে আগে গৰু-গাই বান্ধি ঘৰৰ মানুহ ঘৰলৈ উভতি আহে। বেলি ডুব যোৱাৰ আগেয়ে ৰান্ধিবাঢ়ি খায়। শঙ্খ, ডবা, আজানৰ মাতত পৰিৱেশটো ক্ষন্তেক গহীন হৈ পৰিলেও পিছ মূৰ্হুততে কাঁহ পৰি জিন যোৱা এক জয়াল পৰিৱেশে গাঁও খনক প্ৰতিদিনে গিলি পেলায়। চিকিমিকি সন্ধিয়াতে অপদেৱতাৰ পৰা ৰক্ষা পাবলৈ কণ কণ ল’ৰা ছোৱালী কেইটাক ঘৰৰ মানুহে বৰশী ৰছী আৰু জালেৰে মেৰিয়াই থয়। বয়োজেষ্ঠ সকলেও জৰা তেল, জৰা সৰিয়হ গাত ঘঁহি ঘৰৰ ভিতৰত সোমাই থাকে। কেতিয়াবা গাঁৱৰ সীমাত থকা এৰা বাৰী খনত যখিনীয়ে কান্দে। ঢেপাঁকুৱা বিলত বাঁকে তক তকাই, পিশাচ বিলাকে ঘোঁৰাৰ মাত ধৰি চিঞৰে। কেইবাজনো মানুহৰ গালৈ প্ৰেতাত্মাই পদুম পুখুৰীৰ পাৰৰ পৰা পকা চপৰা দলিয়াইছে। পুৱা দদাই আৰু মহেন্দ্ৰ মোমাইৰ আগেয়ে নাঙঠ পিঙঠ ভূত এটাই ধেক -ধেকাই হাঁহি নাচি গৈছিল। মুঠতে গাঁও খনক প্ৰতিদিনে ভূত প্ৰেতে ক'ৰবাত নহয় ক'ৰবাত অঘটন ঘটায়।
পিছে সৌ সিদিনা লৈকে গাঁওখনত হুলস্থুলীয়া পৰিৱেশ এটাই বিৰাজ কৰিছিল। ৰাস্তাৰ কাষত মানুহ জুম বান্ধি আছিল। ইঘৰৰ মানু্হ সিঘৰলৈ গৈ নানান বিষয়ত কথা পাতিছিল। গাঁৱৰ অলিয়ে গলিয়ে মাদক দ্ৰব্যৰ বেহা চলিছিল। ডিঙি গুৰি লৈকে এসোপামান গিলি গাঁৱৰ বেপাৰী কেইটাই অবাইচ মাত মাতি গাওঁ খনত শান্তি ভংগ কৰিছিল। আন মানুহেও অকথাত আৰু অবাবত সময় খৰচ কৰিছিল। পুৱাই পুৱাই মহিলা সকলে কাৰ ঘৰত কোনে কি কৰিলে ? কোনজনী বোৱাৰী ভাল? কোন গৰাকী শাহু ভাল? কোন কালৈ গ'ল?কোনে কাক ভালপায় ? কোনে কাক আনিব? এনেবোৰ কথাক লৈ ৰাস্তাত বহি বিয়নীমেল পাতে।
শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছ পৰা গাওঁ খনে প্ৰতি মূহুৰ্তত অন্ধবিশ্বাসৰ বলি হয়। পিছে এনে এখন গাঁৱলৈ হঠাৎ পৰিৱৰ্তন আহিল। ভূত প্ৰেতৰ ভয়ত মানুহ সন্ধিয়াতে ঘৰ সোমোইহি। নাতি- নাতিনীক ককাক আইতাকে ৰামায়ণ, মহাভাৰতৰ কাহিনী, সাধুকথা কয়। সকলোতকৈ আচৰিত কথা এইয়ে যে, শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছ পৰা গাঁও খনত স্বামীহীনা ৰঙিলীৰ পুতেক ৰাতুলে মেট্ৰিক পৰীক্ষাৰ ফলাফলত সৰ্ব প্ৰথম স্থানত জিলিকি উঠিছে। এনে এটা খবৰে সমগ্ৰ অসমখনকে আনন্দিত কৰি তুলিলে। বিভিন্ন দল সংগঠনে ৰাতুলক পঢ়া শুনা দায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিলে। গাঁৱৰ মানুহে বিধবা বুলি হেয় জ্ঞান কৰি মানুহ বুলিয়েই গণ্য নকৰা ৰঙিলীও সামাজিক মাধ্যম, বাতৰি কাকত তথা দূৰদৰ্শনৰ পৰ্দাত এগৰাকী সফল মাতৃ হৈ জিলিকি উঠিল। হঠাৎ এনে পৰিৱৰ্তনে ওচৰ চুবুৰীয়া গাঁৱৰ মানুহক আচৰিত কৰাৰ লগতে আনন্দিত কৰিলে। যি কি নহওঁক ভেকুলীৰ পিঠিত নোম গজিলে।
৫ জুন, বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসটিৰ লগতে সম্বৰ্ধনা অনুষ্ঠান এটি মহকুমা ভিত্তিত অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ৰাতুলকো নিমন্ত্ৰণ জনালে। নিমন্ত্ৰণ ৰক্ষা কৰি সি সময়ত গৈ উপস্থিত হ’ল। কাৰ্যসূচী অনুসৰি অভাৱ অনাটনৰ মাজৰে উৰুখা পজাত থাকিও প্ৰথম স্থান পাবলৈ সক্ষম হোৱা ৰাতুলক নিজৰ অনুভৱ - উপলব্ধি মুকলিকৈ ক’বলৈ অনুৰোধ জনালে। ৰাতুলে জন্ম যাতনাৰ পৰা জীৱনৰ অভিজ্ঞতাৰে কথাখিনি কৈ গ’ল।
কণমানি ৰাতুলে চকু চলচলীয়া কৰি কৈছিল, গাঁৱৰে প্ৰাথমিক বিদ্যালয়ত পঞ্চম মান শ্ৰেণী লৈকে পঢ়ি গাৱঁৰ পৰা দূৰৈত অৱস্থিত মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰিবৰ দিনা সহপাঠীয়ে তাৰ গাওঁ খনৰ নাম শুনি ইতিকিং কৰা কথা, গাঁৱৰ আপোন মানুহবোৰে বিধবা মাতৃক যাত্ৰা পথত দেখিলে যাত্ৰা নষ্ট হ’ল বুলি ওপৰলৈ চাই থুৱাই দিয়া কথা, মাউৰা ল’ৰা বুলি বংশ পৰিয়ালে কটু কথা শুনোৱা কথা, লঘোণত কটোৱাৰ সেই দীঘলীয়া ৰাতিবোৰত পেটে কলমলাই থকা কথা, এবাৰ সি টান নৰিয়াত পৰোঁতে চিকিৎসাৰ বাবে মৰমৰ ছাগলীজনী সি গম নোপোৱাকৈ মাকে মনে মনে বিক্ৰী কৰা কথা, বিদ্যালয়ৰ সহ: শিক্ষয়িত্ৰী ইন্দিৰা গগৈ বাইদেউৱে শৈক্ষিক দিশৰ উপৰিও আৰ্থিক দিশত সহায় সহয়োগিতা আগবাঢ়াই অহা কথা আদিৰ লগতে আৰু কৈ গ'ল এক অতি গোপন কথা।যিটো কথা শুনা মাত্ৰকে গাঁৱৰ মানুহৰ মুখত মাত হেৰাইছিল। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ কেই মূহুৰ্ত্তমানৰ আগত যদি কথাটো গাঁৱৰ মানুহে গম পোৱা হ’লে মাক পুতেক দুয়োটাকে নিগনি পুৰা দিলে হেতেন। কিন্তু মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছত অতি সাহসেৰে সমগ্ৰ দেশে জনাকৈয়ে সেই গোপন কথাটো কৈ দিছিল ৰাতুলে। গোপন কথাটো ক'বলৈ সি বহুতো ত্যাগ স্বীকাৰ কৰিছিল।
জনা হোৱাৰে পৰা স্বচক্ষুৰে দেখি অহিছে সন্ধিয়া ভগাৰ কিছু সময় পিছতেই হাতত এটা মোনা লৈ ঢলং ঢপংকৈ খোজ কাঢ়ি অহা পুৱা দদাইক। দদাইৰ মুখত বিৰক্তিদায়ক অবাইচ মাত। কেতিয়াবা মুখৰ কথাৰ আঁত চিঙি মানুহ কিনি ল'ব পৰা ক্ষমতা থকাৰ কথা কৈ নিজকে নিজেই দম্ভালি মাৰে। দেউতাকৰ অগাধ মাটি বাৰী আছে বুলি কৈ স্কুলৰ শিক্ষকক অপমান কৰি বিদ্যালয়ৰ পৰা ওলাই অহাৰ কথা কৈ গৌৰৱ কৰে। বিধবাই ল'ৰা পঢ়াই বৰ মানুহ হ'ব বিচাৰিছে বুলি ইতিকিং কৰি সিহঁতৰ ঘৰৰ পদুলিৰ সন্মূখত কথা শুনাই। মহেন্দ্ৰ মোমাইয়েকেও টেটু গুৰি লৈকে এসোপামান মাদক দ্ৰব্য সেৱন কৰি মামীয়েক ফুলৰিক কাৰণ বিহীন ভাৱেই হালোৱা এচাৰি লৈ অবাইচ মাত মাতি গাঁওখন খেদি লৈ ফুৰে। মানিক, পিলি, গোৱিন্দ, মুনিয়া, ৰেৱত, ককৈ, হৰেন্দ্ৰ, পুহেশ্বৰ, সৰুপাই, শুভন্ত আদিৰ উপৰিও ঘৰত চুলাই খাই গৈ গাঁৱৰ ডেকা বুঢ়াই বাটে পথে কাজিয়া কৰে। ভাং কানিৰ প্ৰতি দিনক দিনে আসক্তি বাঢ়ি যোৱাৰ ফলত গাঁৱৰ বহু লোকে হালৰ গৰু, বাৰীৰ মূল্যবান গছ গছনি বিক্ৰী কৰে। অতি কম বয়সতে বিবাহপাশত আৱদ্ধ হৈ গাঁৱৰ ডেকা গাভৰু সকলে অনাকাংক্ষিত ভাবে অকালতে বাৰ্ধক্যজনিত ৰোগত ভুগে।
শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছ পৰা গাঁও খনত মেট্ৰিকৰ দেওনা পাৰ হোৱা এজনো ব্যক্তি নাছিল। কথাতে কয়,যʼত শিক্ষা নাই তাৰ সংস্কাৰো নাই। শিক্ষা নথকা মানুহ খিনি চকু থাকিও অন্ধ হৈ জীয়াই আছিল। সেয়ে গাঁওখনত দিনক দিনে বৃদ্ধি পাইছিল অন্ধবিশ্বাসেহে। কনমানি ৰাতুলে গাঁৱৰ মানুহ খিনিক সৎ পথলৈ ঘূৰাই অনাৰ আশাৰে হুলে হুল কঢ়া বুদ্ধি এটা মনতে পুহি ৰখাৰ কথা কৈছিল।
সময় গতিশীল। গতিশীল সময়ৰ লগে লগে কণমানি ৰাতুলৰো চিন্তা,চেতনা শক্তিশালী হৈ উঠিল। সি দিনক দিনে যিকোনো ঠাইতে নিজৰ গাঁও খনৰ কাম কাজক লৈ লাজ পাবলৈ ধৰিলে। তাৰ মনত হতাশাত কৈ জেদ ভাবহে ন পানী বঢ়াদি বাঢ়ি গৈছিল। মনৰ জেদ তীব্ৰ বেগেৰে বাঢ়ি গৈ গাঁৱৰ মানুহখিনিৰ মানসিকতা পৰিৱৰ্তন কৰিবলৈ সি এদিন অতি গোপনে নিজে নিজেই কিছুমান উদ্ভট আচৰণেৰে অদ্ভূত কৰ্ম কৰিলে। অৰ্থাৎ কেতিয়াবা সন্ধিয়া ঘৰৰ পৰা ওলাই গৈ ৰাস্তাৰ কাষৰ শিমলু জোপাৰ তলত কেইটামান পকা কেঁচুমতা লৈ ঢেকীয়ানী জোপোহা বোৰত লেপেট খায় শুই থাকে। যেতিয়াই ডিঙিগুৰি লৈকে এসোপা মান মাদক দ্ৰব্য সেৱন কৰি কাণতাল মাৰি যোৱা অবাইচ মাত মাতি ঘৰলৈ মানুহ বোৰ আহে তেতিয়া সি মুখেৰে অদ্ভূত শব্দ কৰি সিহঁতলৈ পকা চপৰা দলিয়াই। মদৰ গলিৰ পৰা থৰক বৰকৈ ওলাই অহা মদাহী জুমটোৰ আগত নাঙঠ পিঙঠ হৈ নাচি নাচি নদীৰ ফালে দৌৰি যায়। ঘৰত ল'ৰা ছোৱালীয়ে ভোকত কলমলাই থকাৰ পিছতো ঘৰলৈ দেৰিকৈ অহা মানুহক ভয় খুৱাবলৈ এৰাবাৰীত গৈ কেতিয়াবা অদ্ভূত মাত ওলিয়াই হাঁহে। এৰাবাৰীৰ জোপোহা গছনি বোৰ হাতেৰে লৰাই ভাঙো যেন কৰে। কেতিয়াবা আকৌ পদুম পুখুৰীৰ পাৰত উচুপি উচুপি কান্দে। কেতিয়াবা মাজ নিশা ঘোঁৰাৰ দৰে মাত উলিয়াই চিঞৰে। বাঁকে মাছ ধৰি খোৱাৰ দৰে তক তকাই।
পুতেকৰ এই কথাবোৰ প্ৰথমতে গম পাই মাক ৰঙিলীয়ে চিঞৰ বাখৰ লগাব ধৰিছিল। পিছে পিছ মূহুৰ্ততে আলাসৰ লাৰু কেটুকৰ গাৰু পুতেক ৰাতুলক গাঁৱৰ মানুহে তাইৰ সন্মূখতে মাৰি পেলাব বুলি ভাবি ভয়তে মনে মনে থাকিল। ৰাতুলৰ এনে ধৰণৰ কৰ্মই গাঁৱলৈ হঠাৎ পৰিৱৰ্তন আনিলে। ভূত প্ৰেতৰ ভয়ত কঁপি জঁপি অণ্ঠ কণ্ঠ শুকাই যোৱা গাঁৱৰ মানুহবোৰে সন্ধিয়াতে ঘৰ সোমোৱা হ’ল। বগা পোৱালি দেও, সনাই বেজৰ ওচৰৰ পৰা তাৱিজ, মন্ত্ৰপুত ৰছী, মিঠাতেল, জৰা পানী জৰা, সৰিয়হ আনি সকলোৱে ঘৰ বাৰীত বন্ধাই লৈছিল। সন্ধিয়া হ’লেই গাঁৱত শুকান জলকীয়া পুৰাৰ গোন্ধ, সৰিয়হ পুৰাৰ গোন্ধ এটাই বগাই ফুৰে।
হঠাৎ গাঁৱলৈ অহা পৰিৱৰ্তনে গাঁৱৰ পৰিৱেশটোক শান্ত শীতল কৰি তুলিলে। শান্ত পৰিৱেশত সি মুক্ত মনে পঢ়াশুনা কৰি দিনক দিনে আগবাঢ়ি গৈছিল। অত্যন্ত মেধা সম্পন্ন ছাত্ৰ ৰাহুলক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৱে খুউব মৰম কৰিছিল। শিক্ষক শিক্ষয়িত্ৰী সকলৰ মৰমৰ তাগিদাত তাৰ ইচ্ছা শক্তি দিনক দিনে বৃদ্ধি পাইছিল। ইচ্ছা শক্তিয়ে যে দৰিদ্ৰতাক চেৰ পেলাব পাৰে এই কথাষাৰক পুনৰ প্ৰতিপন্ন কৰিলে। কিয়নো অসমৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি সি মেট্ৰিকত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ল। গাঁৱলৈ সুনাম অৰ্জন কৰি অনা ৰাতুলৰ গোপন কথাবোৰ শুনি বিশ্ব পৰিৱেশ দিৱস উদযাপন ও সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত উপস্থিত থকা গাঁৱৰ মানুহবোৰে লাজতে ৰঙাচিঙা পৰিল। তেওঁ লোকে নিজৰ ভুল নিজে বুজি পাই নিজক সংশোধন কৰাৰ প্ৰতিজ্ঞা কৰিলে। নিজৰ সন্তানক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ চেষ্টা কৰাৰ সংকল্প লৈ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই সকলোৱে মনতে কঠোৰ সংকল্প ল’লে।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৬


No comments:
Post a Comment